ETV Bharat / state

দুৰ্গা পূজাৰ পাছতে আৰম্ভ হ’ব শিলঘাট মৰাপাট কলৰ দ্বিতীয়টো গোটৰ উৎপাদন প্ৰক্ৰিয়া

author img

By

Published : Sep 4, 2022, 1:29 PM IST

বিভিন্ন ঘাত-প্ৰতিঘাতেৰে আগুওৱা কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটো দ্বিতীয়টো গোটৰ উৎপাদনৰ বাবে সাজু হৈছে (Second unit of Assam Cooperative Jute Mill in Silghat) ৷ সমাগত দুৰ্গা পূজাৰ পাছতে পৰীক্ষামূলকভাৱে আৰম্ভ কৰাৰ প্ৰস্তুতি তীব্ৰ গতিত চলাই থকা হৈছে বুলি কলটোৰ পৰিচালন মণ্ডলীৰ পৰা ইতিমধ্যে জানিব পৰা গৈছে ।

Silghat Cotton Mill will start production after Durga Puja
শীঘ্ৰেই আৰম্ভ হব শিলঘাট মৰাপাট কলৰ উৎপাদন প্ৰক্ৰিয়া

কলিয়াবৰ, 4 ছেপ্টেম্বৰ: ৰাজ্যবাসীৰ লগতে ৰাজ্যৰ মৰাপাট উদ্যোগ খণ্ডলৈ এটা ভাল খবৰ কঢ়িয়াই আনিছে শিলঘাট মৰাপাট কলে (Assam Cooperative Jute Mill in Silghat) । সমবায় খণ্ডত প্ৰতিষ্ঠিত কলিয়াবৰৰ শিলঘাটত অৱস্থিত ৰাজ্যৰ একমাত্ৰ মৰাপাট উদ্যোগটোৰ দ্বিতীয়টো গোটৰ উৎপাদন প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হ’ব (Second unit of Assam Cooperative Jute Mill in Silghat) ।

ৰাজ্য চৰকাৰৰ লগতে ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগম চমুকৈ ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগমৰ পৰা লাভ কৰা সৰ্বমুঠ ২৬ কোটি ৬৯ লাখ ৪৪ হাজাৰ টকা ব্যয় সাপেক্ষে স্থাপন কৰা দ্বিতীয়টো গোটৰ উৎপাদন দুৰ্গা পূজাৰ পাছতে আৰম্ভ হোৱাৰ কথা । সমাগত দুৰ্গা পূজাৰ পাছতে পৰীক্ষামূলকভাৱে আৰম্ভ কৰাৰ প্ৰস্তুতি তীব্ৰ গতিত চলাই থকা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে । অৱশ্যে পৰীক্ষামূলক উৎপাদন প্ৰক্ৰিয়াৰ পাছতে চলিত বৰ্ষৰ নৱেম্বৰ মাহত আৰম্ভ হ’ব কলটোৰ দ্বিতীয়টো গোটৰ উৎপাদন ৷ এই কথা সদৰি কৰিছে কলটোৰ পৰিচালন মণ্ডলীয়ে ।

অসম চৰকাৰৰ পৰা লাভ কৰা ৯ কোটি ৯৯ লাখ ৩৮ হাজাৰ টকাৰ ঋণ আৰু ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগমৰ অধীনত অসম চৰকাৰৰ পৰা লাভ কৰা ২ কোটি টকাৰ শ্বেয়াৰ মূলধন, ৰাজসাহায্য হিচাপে পোৱা ১ কোটি ৩২ লাখ ৫২ হাজাৰ টকা আৰু ঋণ হিচাপে পোৱা ২৩ কোটি ৩৬ লাখ ৯২ হাজাৰ টকা, সৰ্বমুঠ ২৬ কোটি ৬৯ লাখ ৪৪ হাজাৰ টকা ব্যয় কৰি আৰম্ভ কৰা হৈছিল এই দ্বিতীয়টো গোটৰ কাম-কাজ ।

বিগত বৰ্ষৰ পহিলা জানুৱাৰী মাহৰ পৰা অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটৰ যন্ত্ৰ-পাতিসমূহ কলিকতা, চেন্নাই আৰু আহমেদাবাদৰ পৰা ক্ৰয় কৰাৰ লগতে দক্ষ আৰু অভিজ্ঞ কাৰিকৰী ব্যক্তিক নিয়োজিত কৰি যন্ত্ৰ-পাতিসমূহ স্থাপন কৰা হৈছে (skilled and experienced technicians) । ইতিমধ্যে দ্বিতীয়টো গোটৰ বাবে ক্ৰয় কৰাৰ লগতে স্থাপন কৰা অত্যাধুনিক যন্ত্ৰ-পাতি সমূহৰ ভিতৰত আছে স্প্ৰেডাৰ মেচিন দুটা, কাৰ্ড মেচিন সাতটা, ড্ৰয়িং মেচিন দহটা, স্প্ৰিনিং মেচিন বাৰটা, ওৱাইনডিং মেচিন দহটা, বিমিং মেচিন দুটা, অট'মেটিক এচ ফ’ৰ লুম মেচিন ৬০ টা, কাটিং মেচিন এটা, চিলাই মেচিন বিশটা, প্ৰিন্টিং মেচিন দুটা, বেল্ট প্ৰেছ এটা, এয়াৰ কম্প্ৰেচাৰ চাৰিটা আৰু জেনেৰেটৰ দুটা ।

দৈনিক ১৮ টনকৈ উৎপাদনক্ষম এই যন্ত্ৰ-পাতিসমূহৰ বাবে নতুনকৈ নিয়োজিত কৰা হ’ব অতিৰিক্ত ৪০০ ৰ পৰা ৪৫০ গৰাকী নতুন শ্ৰমিক-কৰ্মচাৰী । ইয়াৰে ৩০ শতাংশ শ্ৰমিক-কৰ্মচাৰী মহিলাৰ বাবে সংৰক্ষিত হ'ব । এয়া নিশ্চয় ৰাজ্যখনৰ নিযুক্তিক্ষেত্ৰৰ বাবে ভাল খবৰ(Good news for the recruitment sector)। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সুদৃষ্টি আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ ঐকান্তিক প্ৰচেষ্টা লগতে পৰিচালন মণ্ডলী আৰু মিল কৰ্তৃপক্ষ, অসম সমবায় মৰাপাট কল কৰ্মী সন্থাৰ পূৰ্ণ সহযোগিতাত শেহতীয়াকৈ অসম সমবায় মৰাপাট কলটোৱে লাভৰ মুখ দেখা পোৱাৰ লগতে দ্বিতীয়টো গোটৰ কাম সম্পূৰ্ণ হৈ উঠিছে ।

একেৰাহে কেইবাটাও বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ অহা মৰাপাট কলটোৱে কোভিড পৰিস্থিতি অৱসানৰ পাছতে কল কৰ্তৃপক্ষই গ্ৰহণ কৰা নতুন কৌশল আৰু শ্ৰমিক কৰ্মচাৰীসকলৰ ঐকান্তিক প্ৰচেষ্টাতে লাভৰ মুখ দেখিবলৈ সক্ষম হোৱাৰ লগতে অসম সমবায় মৰাপাট কললৈ অহা এটাৰ পাছত আনটো ভাল খবৰে কলটোত নিয়োজিত শ্ৰমিক কৰ্মচাৰীৰ পৰিয়ালসমূহৰ লগতে ৰাজ্যবাসীলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি ক’ব পাৰি ।

উল্লেখ্য যে, তদানীন্তন বিধায়ক লীলাকান্ত বৰাৰ অপৰিসীম ত্যাগ আৰু কলিয়াবৰীয়া ৰাইজৰ অশেষ কষ্টৰ বিনিময়ত ১৯৭১ চনত শিলঘাটত সমবায় খণ্ডত স্থাপন হোৱা লাভজনক অসম সমবায় মৰাপাট কলটোৱে পৰৱৰ্তী সময়ছোৱাত অদক্ষ পৰিচালনা,আসোঁৱাহযুক্ত আঁচনি, অপৰিপক্ক সিদ্ধান্ত আৰু ব্যাপক দুৰ্নীতিৰ ফলতে লোকচানৰ সন্মুখীন হৈ আহিছিল । ইতিমধ্যে ৰাজ্যৰ সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচায়ো কলটো পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰিছে (Minister Nandita Garlosa) । লগতে চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ সহায়-সহযোগ কলটোলৈ আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ হিন্দুৰাষ্ট্ৰ নিৰ্মাণৰ সপোন সাকাৰ নহয় : অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.