ৰহা, ৯ মাৰ্চ : শিক্ষকৰ আয়কৰ ফাইল প্ৰস্তুত কৰাৰ নামত ৰহাত শিক্ষকৰ কেলেংকাৰী (Teacher involved in Tax file preparation) ! শেহতীয়াকৈ এই সন্দৰ্ভত গুৱাহাটীৰ পৰা প্ৰকাশিত এখন দৈনিক বাতৰি কাকতত বাতৰিটো প্ৰকাশ পাইছিল । শিক্ষকগৰাকীয়ে ধন সংগ্ৰহ কৰা বুলি বাতৰিটো প্ৰকাশ হোৱাৰ পাছতে ৰহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বাতৰিত প্ৰকাশ পোৱা মতে শিক্ষক তথা কপিলী শিক্ষাখণ্ডৰ শিক্ষক সন্মিলনীৰ সম্পাদক লক্ষী প্ৰসাদ ডেকাই ধন সংগ্ৰহ কৰা বুলি অভিযোগ উঠিছে ।
কিন্তু এই বাতৰি সম্পূৰ্ণ মিছা আখ্যা দিয়ে অভিযুক্ত শিক্ষকগৰাকীয়ে । এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে বৃহস্পতিবাৰে কপিলী শিক্ষাখণ্ডৰ কাৰ্যালয়ত সংবাদমেল যোগে স্পষ্টীকৰণ কৰে যে তেওঁ কোনোধৰণৰ ধন সংগ্ৰহত জড়িত নহয় (Tax file preparation scam)। কেৱল চাৰ্টাৰ্ড একাউণ্টেণ্টৰ বাবে আয়কৰ ফাইল প্ৰস্তুত কৰাৰ নামত জিপিএছৰ বাবদ ১০০০ টকা আৰু এনপিএছৰ বাবদ ৫০০ টকাকৈ প্ৰতিজন শিক্ষকক দিবলৈ তেওঁ জাননী প্ৰেৰণ কৰিছিল ।
কিয়নো চৰকাৰৰ নিৰ্দেশ মতে প্ৰতিগৰাকী শিক্ষকে আয়কৰ ফাইল প্ৰস্তুত কৰাটো বাধ্যতামূলক কৰিছে । সেয়ে চাৰ্টাৰ্ড একাউণ্টেণ্টে আয়কৰ ফাইল প্ৰস্তুত কৰাৰ বাবদ এই ধন লৈছে । গতিকে শিক্ষকজনে স্পষ্টীকৰণ দি কয় যে আয়কৰ ফাইল প্ৰস্তুত কৰাৰ নামত তেওঁ কোনো দালালি কৰা নাই (Nagaon teacher reacts over scam)। বৰং তেওঁক ষড়যন্ত্ৰমূলকভাৱে জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ দুষ্টচক্ৰই সাংবাদিকৰ জৰিয়তে বাতৰি পৰিৱেশন কৰাইছে । এই বাতৰি ভিত্তিহীন বুলি তেওঁ দাবী কৰে ।
সংবাদমেলত শিক্ষকগৰাকীয়ে সকলো তথ্য দাঙি ধৰে । সংবাদমেলত চাৰ্টাৰ্ড একাউণ্টেণ্ট চিত্তৰঞ্জন শইকীয়াও উপস্থিত থাকি বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন বুলি প্ৰকাশ কৰে (Scam in Kapili education block)। তেওঁ কয় যে লক্ষী প্ৰসাদ ডেকাই কেৱল ফাইল প্ৰস্তুত কৰাৰ নামত হে মাননি হিচাপে এই ধন সংগ্ৰহ কৰিছে আৰু তেওঁ এই ক্ষেত্ৰত কোনো কাৰণত জড়িত নহয় বুলিও স্পষ্ট কৰে । অৱশ্যে সময়েহে ক'ব কোন সঁচা, কোন মিছা ?
লগতে পঢ়ক :Barpeta Satra Dol Mahotsav : ফাকুৱাৰ ৰঙেৰে ৰঙীণ বৰপেটা সত্ৰ