ৰূপহীহাট,১৫ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ প্ৰাকক্ষণত মহাজোঁটৰ অংশীদাৰ এআইইউডিএফে নিলম্বন কৰিলে দুই নেতাক । দল বিৰোধী কাৰ্যকলাপৰ বাবেই নিলম্বন হ'বলগীয়া হ'ল নগাঁৱৰ দুই নেতা । মহাজোঁটৰ অংশীদাৰ এআইইউডিএফে নিলম্বন কৰিলে মতিউৰ ৰহমান আৰু নুৰুল আমিন চৌধুৰীক ।

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ বটদ্ৰৱাৰ প্ৰাৰ্থী শিৱামণি বৰা আৰু ৰূপহীহাটত প্ৰাৰ্থী নুৰুল হুদাৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত নামিছে মতিউৰ আৰু নুৰুল আমিন চৌধুৰী । এআইইউডিএফে সমষ্টি দুটা কংগ্ৰেছক এৰি দিয়াৰ বাবে বিদ্ৰোহ ঘোষণা কৰিছে নেতা দুগৰাকীয়ে ।
নিশাটোৰ ভিতৰত মতিউৰ আৰু নুৰুলে এআইইউডিএফ-ৰ সমান্তৰালকৈ গঠন কৰিছিল এইউডিএফ নামৰ তথাকথিত আন এক ৰাজনৈতিক দল । সমান্তৰালকৈ এইদৰে দল গঠন কৰি মতিউৰ আৰু নুৰুলে মহাজোঁটৰ সমৰ্থকক বিভ্ৰান্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে । যাৰ ফলস্বৰূপে দলৰ পৰা বহিস্কাৰ কৰে এই দুই নেতাক ।

উল্লেখ্য যে, এইবাৰ এআইইউডিএফে ঘোষণা কৰা তালিকা অনুসৰি, বিধানসভা নিৰ্বাচনত এআইইউডিএফে ১৬ টা সমষ্টিৰ ভিতৰত ১১ টাত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৫ টা সমষ্টিত মিত্ৰদল কংগ্ৰেছৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব । বাঘবৰ, জলেশ্বৰ, সৰুক্ষেত্রী, চেঙা আৰু দলগাঁৱত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব এআইইউডিএফে ।
লগতে পঢ়ক: অসমৰ নিৰ্বাচনী প্ৰচাৰৰ মূল আকৰ্ষণ বহিৰাজ্যৰ ষ্টাৰ কেম্পেইনাৰ...