ETV Bharat / state

চুমিলা হত্যাকাণ্ডৰ ৰাজহুৱা শুনানি সম্পন্ন

author img

By

Published : May 11, 2021, 10:50 PM IST

ৰহা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সম্পন্ন হ'ল চুমিলা হত্যাকাণ্ডৰ ৰাজহুৱা শুনানি ৷ শুনানি গ্ৰহণ কৰে মধ্য অসমৰ আয়ুক্ত মলয় বৰাক লৈ গঠন কৰা এজনীয়া তদন্ত আয়োগে ৷

sumila-ronghangpi-public-hearing
ৰহা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সম্পন্ন হ'ল চুমিলা হত্যাকাণ্ডৰ ৰাজহুৱা শুনানি

ৰহা,11 মে': ৰহাৰ খাইগড়ত প্ৰকাশ বৰঠাকুৰৰ ঘৰত নৃশংসতাৰ বলি হোৱা চুমিলা ৰংহাংপীৰ ৰহস্যজনক মৃত্যুৰ ৰাজহুৱা শুনানি । ৰহা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মঙলবাৰে এই শুনানি গ্ৰহণ কৰে মধ্য অসমৰ আয়ুক্ত মলয় বৰাক লৈ গঠন কৰা এজনীয়া তদন্ত আয়োগে । পুৱা 10 বজাৰ পৰা তিনি বজালৈ গ্ৰহণ কৰা হয় এই ৰাজহুৱা শুনানি । ৰাজহুৱা শুনানি কেৱল ৰহাৰেই নহয় ট্ৰাইবেল সংঘ, আছু, জাতীয়তাবাদী যুৱ পৰিষদ, মাছ, তিৱা ছাত্ৰ সন্থা, নাৰী সন্থা আদিকে ধৰি ৰাজ্যৰ বিভিন্ন দল সংগঠন, কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি সমাজ, কাৰ্বি মহিলা সমাজ আদিয়ে এজনীয়া তদন্ত আয়োগৰ ওচৰত স্মাৰকপত্ৰ দিয়াৰ লগতে ১২ বছৰীয়া বনকৰা কিশোৰী চুমিলা ৰংহাংপী প্ৰকাশ বৰঠাকুৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলি হত্যাকাৰীক চৰম শাস্তিৰ দাবী তোলে ।

ৰাজহুৱা শুনানিত আনকি চুমিলাৰ পিতৃ-মাতৃয়েও অংশগ্ৰহণ কৰি কন্যাৰ হত্যাৰ ন্যায়ৰ দাবী কৰে । উল্লেখ্য যে, ৰহাৰ খাইগড়ৰ প্ৰকাশ বৰঠাকুৰ নামৰ লোকজনৰ ঘৰত কাৰ্বি আংলঙৰ দুৰুং ৰংহা গাঁৱৰ চুমিলা বনকৰা ছোৱালী হিচাপে আছিল ৷ যোৱা ২২ এপ্ৰিলত চুমিলাৰ মৃতদেহ অগ্নিদগ্ধ অৱস্থাত প্ৰকাশ বৰঠাকুৰৰ ঘৰৰ পিচফালে উদ্ধাৰ হৈছিল । ইয়াৰ পিছতে ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি বিভিন্ন দল-সংগঠনে ৰহাকে ধৰি কাৰ্বি আংলঙতো উত্তপ্ত কৰি তুলিছিল । পিছত চৰকাৰে মধ্য অসমৰ আয়ুক্ত মলয় বৰাক লৈ এজনীয়া তদন্ত আয়োগ গঠন কৰে আৰু এই আয়োগে মঙলবাৰে ৰহাত ৰাজহুৱা শুনানি গ্ৰহণ কৰে । এতিয়া সকলোৱে আশা কৰিছে আয়োগে সঠিক তদন্ত কৰি চুমিলাক ন্যায় দিয়ক । দোষীৰ দৃষ্টান্তমূলক শাস্তি হওঁক ।

লগতে পঢ়ক : বিজেপি বিধায়িনী দলৰ দলপতিৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.