নগাঁও,11 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পৰীক্ষা বৰ্জন কৰি ওলাই আহিল নগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী ছাত্ৰ- ছাত্ৰী সকলে।
সমগ্ৰ ৰাজ্যতেই এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ পিছপৰি ৰোৱা নাই কোনো এটা জাতীয় দল সংগঠনকে ধৰি সাধাৰণ জনতা ৷ সকলোৱে বিধেয়ক খনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে ৷ ঠিক একেদৰে নগাঁৱৰ ৰাজপথতো ওলাই আহিল ছাত্ৰ সমাজ। নগাঁৱৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে নগাঁৱৰ পলিটেকনিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও পৰীক্ষা বৰ্জন কৰি অংশগ্ৰহণ কৰে কেব বিৰোধী আন্দোলনত। নগাঁও চহৰৰ মাজেৰে বিশাল প্ৰতিবাদী সমদল উলিওৱাৰ লগতে বিজেপি বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহৰ সন্মুখতো উপস্থিত হৈ সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। বিধায়কজনৰ বাসগৃহৰ সন্মুখত বিজেপি চৰকাৰ মুর্দাবাদ,মুখ্যমন্ত্ৰী গ' বেক ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। তাৰোপৰি নগাঁও জিলা অগপ কাৰ্যালয়ত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।
লগতে পঢ়কঃমহিলা প্ৰতিবাদকাৰীক টনা আজুৰাঃ বিধায়ক মৃনাল শইকীয়াৰ বিৰুদ্ধে গোচৰ