কলিয়াবৰ, 29 নৱেম্বৰ : চেষ্টাৰ অসাধ্য একো নাই ৷ ইয়াকে যেন এতিয়া প্ৰমাণ কৰি দেখুৱাইছে কলিয়াবৰৰ এগৰাকী ছাত্ৰীয়ে ৷ নিজস্ব প্ৰতিভাৰে India book of records ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে ৷ ছাত্ৰীগৰাকীৰ আছে এক বিৰল অংকন প্ৰতিভা(Rare drawing talent of a student) ৷ এটা চাউলত চাৰি ৰাষ্ট্ৰৰ চাৰিখন ৰঙীন ৰাষ্ট্ৰীয় পতাকা অংকনেৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল কলিয়াবৰৰ মেধাৱী ছাত্ৰী প্ৰতিভা মহিলাঙে ৷
চলিত বৰ্ষৰ ২ নৱেম্বৰত ছাত্ৰীগৰাকীক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰে এই সন্মান(India Book of Records honours Pratibha Mahilang) ৷ নগাঁও জিলাৰ কলিয়াবৰৰ দলগাঁও নিবাসী মানদাস সৎনামী আৰু অনিমা সৎনামীৰ কন্যা প্ৰতিভা মহিলাঙে এই প্ৰতিভাৰে আঁজুৰি অনা বিৰল সন্মানে জিলাখনৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে, ছাত্ৰীগৰাকীয়ে এটা চাউলত ভাৰত, বাংলাদেশ, ইণ্ডোনেছিয়া আৰু জাপান এই চাৰিওখন ৰাষ্ট্ৰৰ চাৰিখন ৰাষ্ট্ৰীয় পতাকা অংকন কৰিছিল । বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ডিমৰীয়া মহাবিদ্যালয়ৰ পৰা পৰিৱেশ ব্যৱস্থাপনা (Environment Management) বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰি বৰ্তমান APSC ৰ কাৰণে প্ৰস্তুতি চলায় থকা প্ৰতিভা মহিলাঙৰ এই কৃতিত্বই এতিয়া সকলোকে মোহিত কৰিছে ।
ইয়াৰ পূৰ্বে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ দ্বাৰা 'আটাইতকৈ সৰু কিতাপ প্ৰকাশিত'(Smallest Book Published) হিচাপে স্বীকৃতি লাভ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল উত্তৰ লখিমপুৰৰ নিবাসী ৰীতামণি বৰাই ৷ ২০২০ চনত তেওঁৰ কিতাপখনে অসম বুক অৱ ৰেকৰ্ডছ আৰু ইণ্টাৰনেচনেল বুক অফ ৰেকৰ্ডছৰ পৰাও একে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল ৷
লগতে পঢ়ক : এক মিলি মিটাৰ কাগজত নাও সাজি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত উজলিল বিষ্ণু বৰ্ণিল গোস্বামী