ETV Bharat / state

ধিঙত বিশেষভাৱে সক্ষম শিশুক আক্ৰমণ - শালকাটি পথাৰৰ আব্দুল হামিদ

নগাঁও জিলাৰ ধিঙৰ শালকাটি পথাৰত শুক্ৰবাৰে সংঘটিত হয় এক অমানৱীয় ঘটনা । বিশেষভাৱে সক্ষম এটি শিশুক বৰ্বৰভাৱে আক্ৰমণ কৰিলে আব্দুল হামিদ নামৰ এজন বয়োজেষ্ঠ লোকে ।

Special able chiled beaten by Local at Dhing
ধিঙত বিশেষভাৱে সক্ষম শিশুক আক্ৰমণ
author img

By

Published : Sep 19, 2020, 8:38 AM IST

ৰূপহীহাট,19 ছেপ্তেম্বৰ: মানুহ যে ইমান নিষ্ঠুৰ হব পাৰে তাক পুনৰ এবাৰ প্ৰমাণ কৰিলে শালকাটি পথাৰৰ আব্দুল হামিদ নামৰ লোকজনে ৷ নিজকে ডন সজাই অঞ্চলটোৰ স্থানীয় ৰাইজক আতংকিত কৰি অহা আব্দুল হামিদ নামৰ লোকজনে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিলে বিশেষভাৱে সক্ষম এটি শিশুক ।

Abdul Hamid
অভিযুক্ত আব্দুল হামিদ

চাহাদুল ইছলাম নামৰ শিশুটিয়ে সমনীয়াৰ লগত খেলি থকাৰ সময়তে কোনো কথাত তেওঁলোকৰ নিজৰ মাজতে সুত্ৰপাত হয় কাজিয়াৰ । শিশুকেইটিৰ মাজত হোৱা কাজিয়াৰ আলমতে আব্দুল হামিদ নামৰ লোকজনে ভালদৰে খোজকে কাঢ়িব নোৱাৰা তথা কথা কব নোৱাৰা বিশেষ ভাবে সক্ষম শিশুটিক বৰ্বৰ আক্ৰমণ চলাই বেয়াকৈ আঘাতপ্ৰাপ্ত কৰে ।

ধিঙত বিশেষভাৱে সক্ষম শিশুক আক্ৰমণ

ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়ালে ধিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । গাঁও বাসীয়েও অঞ্চলটোৰ আতংক আব্দুল হামিদক আটক কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে ।

লগতে পঢ়কঃ বাঘজানৰ ক্ষতিপূৰণৰ প্রাপ্য অধিকাৰ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.