ETV Bharat / state

সংকটত মৰাপাট কলৰ শ্ৰমিক !

author img

By

Published : Nov 2, 2020, 10:01 AM IST

Updated : Nov 2, 2020, 10:43 AM IST

মৰাপাট কলৰ শ্ৰমিকৰ ক্ষোভ ৷ প্ৰাপ্য় দৰমহা কৰ্তন কৰি মৰাপাট যোগানকাৰীক পৰিশোধ কৰাৰ দৰে নিকৃষ্ট পন্থা লোৱাৰ বাবে তীব্ৰ গৰিহণা দিছে মৰাপাট কলৰ শ্ৰমিকসকলে ৷

সংকটত মৰাপাট কলৰ শ্ৰমিক !
সংকটত মৰাপাট কলৰ শ্ৰমিক !

নগাওঁ, 2 নৱেম্বৰ: সোমবাৰে পুৱা অসম সমবায় মৰাপাট কলৰ শ্ৰমিকসকলে কলৰ দৈনন্দিন কামৰ বিপৰীতে প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ উল্লেখ্য যে, বিগত সময়জোৰা কেঁচা মালৰ অভাৱত বন্ধ অসম সমবায় মৰাপাট কলৰ উৎপাদন ৷ অভিযোগ অনুসৰি,শ্ৰমিকসকলৰ লগতে কল কৰ্তৃপক্ষই উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰমিকৰ দৰমহাৰ গাঁঠনি নিৰ্দ্ধাৰণ কৰাক লৈ পূৰ্বৰে পৰা অসন্তুষ্টিৰ সৃষ্টি হৈ আছিল ৷

সংকটত মৰাপাট কলৰ শ্ৰমিক !

ইপিনে শ্ৰমিক সকলৰ দৰমহা কাটি সেই টকা মৰাপাট যোগানকাৰীক পৰিশোধ কৰাৰ দৰে নিকৃষ্ট পন্থা লোৱাৰ বিপৰীতে কল প্ৰৱন্ধন গোষ্ঠীয়ে অনৈতিকভাবে দৰমহা বৃদ্ধি কৰাৰ গুৰুতৰ অভিযোগ কৰে ক্ষোভিত শ্ৰমিকসকলে৷ দৈনিক 18ৰ পৰা 20 টন মৰাপাট সামগ্ৰী উৎপাদন কৰা কলটোৰ কেঁচা মাল যোগানকাৰী প্ৰতিষ্ঠানক প্ৰায় ৯ কোটি টকা পৰিশোধ কৰিবলগীয়া হোৱাত শ্ৰমিকৰ দৰমহা কৰ্তনৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে কলটোৰ শ্ৰমিক সকল ৷

লগতে পঢ়ক : হিমাচল প্ৰদেশত বছৰৰ প্ৰথমটো তুষাৰপাত

Last Updated : Nov 2, 2020, 10:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.