ETV Bharat / state

Fake Currency Note Smuggling : কলিয়াবৰত আটক 7 প্ৰৱঞ্চক - কলিয়াবৰত জালনোট ব্যৱসায়

কলিয়াবৰত 7 টা জালনোট(Fake Currency Note) সৰবৰাহকাৰী আটক আৰক্ষীৰ ৷ এক গোপন সূত্ৰৰ পম খেদি প্ৰৱঞ্চক কেইটাক আটক কৰে চুলুং আৰক্ষী(Chulung Police)য়ে ৷ আটকাধীন সৰবৰাহকাৰী কেইটাৰ পৰা এখন বিলাসী বাহন, জালনোট 15 খন আৰু নোট বনোৱা এটা কাঠৰ মেচিন জব্দ ৷

seven fake currency note smugglers arrest at kaliabor
কলিয়াবৰত জালনোট সৰবৰাহকাৰী আটক
author img

By

Published : Nov 17, 2021, 5:16 PM IST

কলিয়াবৰ, 17 নৱেম্বৰ : কলিয়াবৰ আৰক্ষী(Kaliabor Police)ৰ জালত পৰিছে দীৰ্ঘদিন ধৰি জালনোট(Fake Currency Note)ৰ ব্যৱসায় কৰি থকা এটা দুৰ্ধৰ্ষ অপৰাধী চক্ৰ ৷ বিলাসী বাহনত জালনোট সৰবৰাহ কৰা 7 টা দুৰ্ধৰ্ষ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে কলিয়াবৰৰ চুলুং আৰক্ষী(Chulung Police)য়ে ৷

বিগত কেইবাবছৰ ধৰি জালনোট ছপা কৰি ঠগবাজীৰে ব্যৱসায় কৰি আহিছিল ধৃত 7 টা প্ৰৱঞ্চকে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰৰ বিভিন্ন স্থানতো জালনোটৰে মানুহক ঠগি আহিছিল প্ৰৱঞ্চক কেইটাই ৷ প্ৰৱঞ্চক কেইটাৰ পৰা এখন বিলাসী বাহন, জালনোট 15 খন আৰু নোট বনোৱা এটা কাঠৰ মেচিন জব্দ কৰে আৰক্ষীয়ে ৷

কলিয়াবৰত জালনোট সৰবৰাহকাৰী আটক

গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল দেৱনাথৰ নেতৃত্বত চলা এক অভিযানত বৰঘূলী, হাতীবন্ধাৰ লগতে লখিমপুৰৰ পৰা জালনোট ব্যৱসায়ী কেইটাক আটক কৰা হয় ৷ আটকাধীন প্ৰৱঞ্চক কেইটা ক্ৰমে- আকবৰ আলূ, নাচিৰুদ্দিন, চাহিদ আলী, সুৰুয আলী, ফৰিদুল আলম, ইজ্জত আলী আৰু ইমদাদুল ৰহমান ৷

প্ৰৱঞ্চক কেইটাক আটক কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120 B, 420/489(C)/489(D)/34 ধাৰাৰ 88/2021 নম্বৰত গোচৰ ৰুজু কৰিছে চুলুং আৰক্ষীয়ে । লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Jayanagar Road accident : গাখীৰৰ ভানত উদণ্ড যুৱকৰ তীব্ৰবেগী বাহনৰ খুন্দা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.