নগাঁও, 10 জুনঃ ভুল চিকিৎসাৰ বাবে এগৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি নগাঁৱৰ জি.ডি চিকিৎসালয়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ সমগ্ৰ বিষয় সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে ব্যক্তিগত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ৷ তিনিদিন পূৰ্বেই চিকিৎসালয়খনত ভৰ্তি কৰা হিৰণ্য বৰুৱা নামৰ লোকজনৰ মঙলবাৰে নিশা মৃত্যু হোৱা ঘটনাক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে ৷ বিহ ফোঁহা হোৱাৰ সন্দেহত লোকজনক ভৰ্তি কৰা হৈছিল যদিও,অৱশেষত জ্বৰত আক্ৰান্ত হোৱাৰ লগতে উশাহ-নিশাহত অসুবিধা হোৱাত লোকজনক চিকিৎসালয়খনৰ আই চি ই উত ভৰ্তি কৰোৱা হয় ৷ কিন্তু কিছু সময়ৰ পিচতে মৃত্যু হয় লোকজনৰ ৷
লোকজনৰ মৃত্যুক কেন্দ্ৰ সোমবাৰে পুৱা পৰিয়ালৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল চিকিৎসালয় চৌহদত ৷ কিন্তু পৰৱৰ্তী সময়ত লোকজনৰ মৃত্যু এটা বিষাক্ত পোকে কামোৰাৰ ফলত হোৱা বুলি দাবী কৰে এগৰাকী চিকিৎসকে ৷
লগতে পঢ়কঃ ৰোগীৰ মৃত্য়ুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি