ETV Bharat / state

নগাঁৱত মুক্তমনে বিচৰণ কৰ’ণাত আক্ৰান্ত ৰোগীৰ

author img

By

Published : Apr 23, 2021, 3:50 PM IST

শুকুৰবাৰে নগাঁৱত কৰ’ণাত আক্ৰান্ত মধ্যপ্ৰদেশৰ এজন ট্ৰাকচালকৰ মুক্ত বিচৰণক লৈ হাহাকাৰ পৰিস্থিতি ৷ সোণাপুৰৰ কোৱাৰাইণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰিছিল চালকজনে ৷ সম্প্ৰতি ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় চালকজনক ৷

sensation-for-covid-patient
নগাঁৱত মুক্তমনে বিচৰণ কৰ’ণাত আক্ৰান্ত ৰোগীৰ

নগাঁও, 23 এপ্ৰিল : কৰ’ণাত আক্ৰান্ত মধ্যপ্ৰদেশৰ এজন ট্ৰাকচালকৰ মুক্ত বিচৰণক লৈ শুকুৰবাৰে তীব্ৰ আতংকৰ সৃষ্টি হৈছে নগাঁৱত । মধ্যপ্ৰদেশৰ পৰা সামগ্ৰীভৰ্তি ট্ৰাক লৈ অহা চালকজনৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাচত চালকজনক সোণাপুৰত কোৱাৰেণ্টাইন কৰা হৈছিল যদিও বৃহস্পতিবাৰে নিশা সোণাপুৰৰ কোৱাৰাইণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰে চালকজনে ।

শুকুৰবাৰে পুৱাৰ ভাগত নগাঁৱৰ ৰাজহুৱা স্থানত ঘূৰি ফুৰে চালকজনে । চহৰৰ মাজমজিয়াৰ মৰিগাঁও বাছ আস্থানৰ সমীপৰ এখন হোটেলত চাহ খাই বিল পৰিশোধ কৰাৰ সময়তেই ওলাই পৰে চালকজনৰ পকেটত থকা ক’ভিড পজিটিভৰ ফলাফল ।

ফলাফল প্ৰত্যক্ষ কৰাৰ পাচতেই বাছ আস্থানটোৰ সমীপৰ ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । ব্যৱসায়ীসকলে লগে লগেই নগাঁও স্বাস্থ্য বিভাগক খবৰ দিয়াত এম্বুলেঞ্চৰ সহায়ত পুনৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় চালকজনক ৷

ইফালে চালকজনে দেহত ভাইৰাছ লৈ পলায়ন কৰাৰ পাচতো স্বাস্থ্য বিভাগৰ কোনো তৎপৰতা নথকাৰ অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন ৰাইজে ৷

লগতে পঢ়ক : লাকুৱাৰ অপহৰণকাণ্ড : শীঘ্ৰে প্ৰতিবেদন লাগে কেন্দ্ৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.