কলিয়াবৰ, 4 জুন : নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ খণ্ডত ১৪৪ ধাৰা জাৰি কৰিছে কলিয়াবৰ প্ৰশাসনে ৷ কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে এক জাননী জৰিয়তে এই কথা ঘোষণা কৰে ৷

সাংবাদিকক জানিবলৈ দিয়া অনুসৰি বাৰিষাৰ কালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জীৱকূল প্ৰাণ ৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যাখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ ঢাপলি মেলে । জীৱকূলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কাজিৰঙা অন্তৰ্গত পথচোৱাত 144 ধাৰা জাৰি কৰা হৈছে বুলি কয় ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে ৷
তেওঁ কয়, কাজিৰঙা পাৰ হওতে গাড়ী সমূহ গতিবেগ হ্ৰাস কৰা লগতে পাঁচজনতকৈ অধিক লোক সমবেত হোৱা, অঞ্চলটোত গাড়ী ৰখোৱা ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ তদুপৰি স্বয়ংক্ৰিয় বাবে আন মাৰণাস্ত্ৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷ পৰৱৰ্তী জাননী নিদিয়ালৈকে এই নিষেধাজ্ঞা বলৱৎ থাকিব বুলি কলিয়াবৰ মহকুমা ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে ৷
লগতে পঢ়ক: ব্লেক ফাংগাছ সন্দৰ্ভত ডাঃ ডিনা ৰাজাৰ ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ