নগাঁও, 19 ডিচেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত সোমবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান(Evictions at Batadrava)। বটদ্ৰৱাৰ বিভিন্ন এলেকাৰ প্ৰায় এহেজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনে পূৰ্বেই প্ৰেৰণ কৰিছিল জাননী । বটদ্ৰৱাৰ বৃহৎ ভূমিত উচ্ছেদ চলাবলৈ আৰক্ষী প্ৰশাসনে বিগত কেইদিনমানৰ পৰাই আৰম্ভ কৰিছিল প্ৰস্তুতি । প্ৰায় ছয় শতাধিক জোৱান নিয়োগ কৰি অব্যাহত ৰখা হৈছিল ফ্লেগ মাৰ্চ ।
অৱশেষত সোমবাৰে পুৱাৰ পৰা বটদ্ৰৱাৰ শান্তিজান বজাৰত প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান । শান্তিজান বজাৰৰ বেদখলকৃত ভূমিত উচ্ছেদ চলোৱাৰ পিছত হাইডুবি, ৰামপুৰ আদি অঞ্চলত প্ৰশাসনে উচ্ছেদ অভিযান চলাব বুলি জানিব পৰা গৈছে । এই পৰ্যন্ত শান্তিপূৰ্ণভাৱে বটদ্ৰৱাত উচ্ছেদ অভিযান চলি আছে বুলি জানিবলৈ দিয়ে প্ৰশাসনৰ লোকে ।
উল্লেখ্য যে, উচ্ছেদ কাৰ্য সুচাৰুৰূপে চলাবলৈ বটদ্ৰৱাত জাৰি কৰা হৈছে 144 ধাৰা (Section 144 imposed at Batadrava) ৷ নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ লীনা দলেৰ লগতে নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়া তথা প্ৰশাসনৰ লোক উপস্থিত থাকে এই উচ্ছেদ অভিযানৰ সময়ত ৷ উল্লেখ্য যে, বটদ্ৰৱা চৰকাৰী বীজ পাম, হাইডুবি, ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভ, জামাই বস্তি, ৰামপুৰ, কদমণিকে আদি কৰি হেজাৰ হেজাৰ ভূমিত বেদখল চলি আছিল । এই বেদখল উচ্ছেদৰ বাবে দীৰ্ঘদিনে দাবী উত্থাপন কৰাৰ পাছত প্ৰশাসনৰ তৎপৰতাত আজিৰে পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান(Land encroachment in Batadrava) ৷
লগতে পঢ়ক : Encroachment in Batadrava: বটদ্ৰৱাত প্ৰশাসনৰ তৎপৰতাৰ বিপৰীতে চৰকাৰক কাবৌ-কোকালি বেদখলকাৰীৰ