ETV Bharat / state

শিল্পী পেঞ্চনৰ পৰা বঞ্চিত ভাস্কৰ্য শিল্পীৰ ক্ষোভ বিধায়কলৈ

ৰূপহীহাটৰ জুৰীয়াৰ দীনৰাম বৰা (Dinaram Bora) নামৰ ভাস্কৰ্য শিল্পী (Sculpture Artist)গৰাকীৰ দুৰাৱস্থা ৷ বিশেষভাৱে সক্ষম ভাস্কৰ্য শিল্পীগৰাকী আজিও বঞ্চিত হৈ আছে চৰকাৰী সা-সুবিধাৰ পৰা ৷ আনকি শিল্পী পেঞ্চনো লাভ কৰা নাই শিল্পীগৰাকীয়ে ৷

sculpture-artist-deprive-from-artist-pension
শিল্পী পেঞ্চনৰ পৰা বঞ্চিত ভাস্কৰ্য শিল্পীৰ ক্ষোভ বিধায়কলৈ
author img

By

Published : Jul 6, 2021, 7:05 PM IST

নগাঁও,6 জুলাই : শিল্পী পেঞ্চনৰ পৰা বঞ্চিত নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াৰ এই গৰাকী ভাস্কৰ্য শিল্পী (Sculpture Artist) । ৰূপহীহাটৰ জুৰীয়াৰ দীনৰাম বৰা (Dinaram Bora) নামৰ 85 বছৰীয়া বিশেষভাৱে সক্ষম ভাস্কৰ্য শিল্পীগৰাকী আজিও বঞ্চিত হৈ আছে চৰকাৰী সাহায্যৰ পৰা । এইগৰাকী ভাস্কৰ্য শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বিভিন্ন ধৰণৰ ভাস্কৰ্য । 9 বছৰ বয়সৰ পৰাই শিল্প সাধনাত ব্ৰতী হৈ তেওঁৰ হাতৰ পৰশত প্ৰাণ পোৱা বিভিন্ন ধৰণৰ ভাস্কৰ্য আজিও সগৌৰৱে জিলিকি আছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ।

শিল্প সাধনাৰ মাজেৰেই পৰিয়াল পোহপাল দিয়া এইগৰাকী শিল্পীয়ে লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সা-সুবিধা ৷ আনকি শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত শিল্পী দীনৰাম বৰা । বয়সৰ লগে লগে ক্ৰমাৎ শিল্পীগৰাকী অসুস্থ হৈ পৰাত পৰিয়ালটি পোহপাল দিয়াৰ ক্ষেত্ৰত অপৰাগ হোৱাৰ দিশে শিল্পী বৰা । এই ক্ষেত্ৰত সংবাদ মাধ্যমযোগে বিধায়ক নুৰুল হুদা (Nurul Huda)ৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ভাস্কৰ্য শিল্পীগৰাকীৰ পৰিয়ালে ।

শিল্পী পেঞ্চনৰ পৰা বঞ্চিত ভাস্কৰ্য শিল্পীৰ ক্ষোভ বিধায়কলৈ

ভাস্কৰ্য শিল্পীগৰাকীয়ে বিধায়ক নুৰুল হুদাৰ ওচৰত গৈ কাকুতি-মিনতি কৰিও কোনো সহায় নোপোৱাৰ অভিযোগ তুলিছে । বিধায়ক হুদাই কোনো গুৰুত্ব নিদিয়াৰ বাবেই চৰকাৰে ঘোষণা কৰা শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে এইগৰাকী ভাস্কৰ্য শিল্পী ৷

উল্লেখ্য যে, ক’ভিড (Covid)ৰ ভয়াৱহতাৰ বাবে জাৰি কৰা লক ডাউনে অন্য লোকৰ লগতে শিল্পী সমাজকো জুৰুলা কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কুমাৰ, কমাৰ, বাঁহ-বেতৰ শিল্পী, মৃৎশিল্পী আদি সকলোকে বিধ্বস্ত কৰি পেলাইছে এই লক ডাউনে ৷ সেয়েহে শিল্পীসকলৰ ব্যৱসায় পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাৰ বাবে এতিয়া চৰকাৰ তথা জনপ্ৰতিনিধিৰ সহায় বিচাৰিছে শিল্পীসকলে ৷ অন্যথা আপুৰুগীয়া এই শিল্প নিঃশেষ হোৱাৰ আশংকা প্ৰকাশ কৰিছে শিল্পীসকলে ৷

লগতে পঢ়ক : দুৰ্বিসহ ! কচু-ঢেকীয়া খাই জীয়াই থকা এটি পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.