নগাঁও,16 আগষ্টঃ নগাঁও বন বভাগে দেওবাৰে বিয়লি অভিযান চলাই নগাঁৱৰ বিভিন্ন স্থানৰ পৰা দুটাকৈ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ নগাঁও আঞ্চলিক বন সুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত বন বিভাগৰ এটা দলে অতৰ্কিতে অভিযান চলাই নগাঁৱৰ জোকাটিৰ লগতে মাহগুৰি অঞ্চলত ।

জোকাটিৰ ফজলুল হক নামৰ লোকজনৰ ঘৰতে চলাই থকা অবৈধ কাঠফলা মিল জব্দ কৰাৰ উপৰিও মাহগুৰি অঞ্চলৰ ৰছিদুল হকৰ ঘৰৰ পৰাও এন এটা মিল জব্দ কৰিবলৈ সক্ষম হয় । অভিযানৰ সময়ত কাঠমিল দুটাৰ গৰাকী পলায় যাৱলৈ সক্ষম হয় । ইতিমধ্যে অবৈধভাৱে কাঠমিল চলোৱা লোক দুজনৰ বিৰুদ্ধে বন বিভাগৰ লোকে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ সমাপ্ত হ’ল এক বৰ্ণিল অধ্যায়ৰ : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় ধোনীৰ