ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ "সৌভাগ্য" আঁচনিৰ নামত ৰাজ্যত চলিছে ব্যাপক দুৰ্নীতি - saubhagya scheme corruption in assam

স্বাধীনতাৰ 72 টা বছৰ অতিক্ৰম কৰাৰ পাছতো বিদ্যুতৰ সুবিধা নাপালে ৰাজ্যৰ বহুকেইখন গাঁৱে ৷ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ নামত টকা আত্মসাৎ কৰাৰ অভিযোগ ঠিকাদাৰৰূপী বিজেপি কৰ্মীৰ বিৰুদ্ধে ৷

আজিও বিদ্য়ুৎ সেৱাৰ পৰা বঞ্চিত বহু কেইখন গাঁৱৰ ৰাইজ
author img

By

Published : Nov 8, 2019, 3:13 PM IST

নগাঁও, বঢ়মপুৰ,8 নৱেম্বৰঃ ধোঁৱা চাঙত উঠিল কেন্দ্ৰীয় চৰকাৰৰ সবকা সাথ সবকা বিকাশ নীতি ৷ ইটোৰ পাছত সিটোকৈ নতুন নতুন দুৰ্নীতি ফাদিল হৈ আছে যদিও বৰ্তমানেও কুম্ভকৰ্ণ নিদ্ৰাত আছে বিভাগীয় কৰ্তৃপক্ষ ৷ এইবাৰ বিনামূলীয়া বিদ্যুৎ যোগানৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ ঠিকাদাৰ ৰূপী বিজেপি কৰ্মীৰ বিৰুদ্ধে ৷ ভাৰতৰ ২০.40 লাখ খন গাঁৱৰ প্ৰতিঘৰ গৃহস্থক বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰাৰ লক্ষ্য লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰীৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে 2018 চনৰ জানুৱাৰী মাহত আৰম্ভ কৰা হৈছিল "সৌভাগ্য" নামৰ এখন অভিলাসী আঁচনি ৷ কিন্তু অসমত বিজেপি দলৰ একাংশ দালালৰূপী ঠিকাদাৰে এই আঁচনিক লৈ চলাই আছে ৰমৰমীয়া অবৈধ বেহা ৷ বিদ্যুৎ সংযোগ দিয়াৰ নামত হিতাধিকাৰীৰ পৰা তিনি হাজাৰকৈ টকা সংগ্ৰহ কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিজেপি দলৰ একাংশ ঠিকাদাৰৰ বিৰুদ্ধে ৷

ৰহা সমষ্টিৰ প্ৰমিলা জাৰনি,আলিবস্তী,কাঠনি,বেলতল আদি গাঁৱত ঠিকাদাৰ ৰূপী বিজেপি কৰ্মী যাদৱ ভূঞাৰ বিৰুদ্ধে উত্থাপন ধন আত্মসাতৰ অভিযোগ ৷ টকা দিয়াৰ এবছৰ পিছতো ৰাইজে নাপালে বিদ্যুৎ সংযোগ ৷ কেৱল ট্ৰেন্সফৰ্মাৰ স্থাপনতে সন্তুষ্ট হ'ব লগা হ'ল হিতাধিকাৰী ৷ মধ্যভোগী দালালৰ লালসাৰ বাবেই ডিজিটেল ইণ্ডিয়াৰ যুগত আজিও বিদ্যুতৰ অভাৱত টিপ চাকিৰ পোহৰতেই দিন কটাব লগা হৈছে এই সমূহ অঞ্চলৰ ৰাইজে ৷

আজিও বিদ্য়ুৎ সেৱাৰ পৰা বঞ্চিত বহু কেইখন গাঁৱৰ ৰাইজ

লগতে পঢ়কঃ বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল

Intro:SUB= পঞ্চাশ বছৰে বিদ্যুতৰ পোহৰ নেদেখা এখন গাঁও। প্ৰধানমন্ত্ৰী সৌভাগ্য আঁচনিৰ নামত ব্যাপক দুৰ্নীতি।

ANCHOR= "সবকা সাথ সবকা বিকাশ" শ্লোগান এতিয়া ধোঁৱা চাঙত। বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ ইটোৰ পিছত সিটো দূৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে যদিও বৰ্তমানে কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ ৷ এইবাৰ বিনামূলীয়া বিদ্যুৎ যোগানৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ ঠিকাদাৰ ৰূপী বিজেপি কৰ্মীৰ বিৰুদ্ধে৷ হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ ২০.৪০ লাখ খন গাঁৱৰ প্ৰতিঘৰ গৃহস্থিক বিনামূলীয়া কৈ বিদ্যুৎ যোগান ধৰাৰ উদ্দেশ্যে ৰাজ্যত ২৩ জানুৱাৰী ১৮ বৰ্ষত *সৌভাগ্য* নামৰ এখন অভিলাষী আঁচনি শুভাৰম্ভ কৰে। কিন্তু বিজেপি দলৰে একাংশ দালাল ৰূপী ঠিকাদাৰে বিদ্যুৎ সংযোগ দিয়াৰ নামত হিতাধিকাৰীৰ পৰা তিনি হাজাৰকৈ টকা সংগ্ৰহ কৰি লাখ লাখ টকা আত্মসাত কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে ট্ৰেন্সফৰ্মাৰ স্থাপন কৰাৰ পাছতো এবছৰ ধৰি বিদ্যুৎ সংযোগ পোৱা নাই স্থানীয় ৰাইজে ৷ ৰহা সমষ্টিৰ প্ৰমিলা জাৰনি, আলিবস্তী, কাঠনি, বেলতল আদি গাঁৱৰ ৰাইজৰ পৰা *সুভাগ্য* আঁচনিৰ জড়িয়তে বিদ্যুৎ যোগান ধৰাৰ নামত ঠিকাদাৰ ৰূপী বিজেপি কৰ্মী যাদৱ ভূঞাই (শিব)আলিবস্তিৰ পৰা এক লাখৰো অধিক ধন সংগ্ৰহ কৰাৰ বিপৰীতে বাকী কেইখন গাঁৱৰ পৰাও বৃহৎ ধন সংগ্ৰহ কৰা অভিযোগ কৰিছে ভূক্তভোগী হিতাধিকাৰী সকলে ৷ উল্লেখ্য যে ৫০ বছৰ ধৰি টিপ চাকি পোহৰত জীৱন নিৰ্বাহ কৰা লোকসকলে এইক্ষেত্ৰত দূৰ্নীতিত শূন্য সহনশীল স্থিতি গ্ৰহন কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হস্তক্ষেপৰ দাবী কৰিছে।
BYTE= স্থানীয় লোক।

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.