ETV Bharat / state

ডিডি নিউজৰ বাৰ্তাৱলীত "অ' নদী, এটি মাথোঁ প্ৰশ্ন সোধোঁ তোমাক"

author img

By

Published : Jul 20, 2019, 6:40 PM IST

গীতটি দিল্লী দূৰদৰ্শনৰ অনুৰোধ মৰ্মে নগাঁৱৰ শিল্পী ৰঞ্জন বেজবৰুৱাই কণ্ঠ দিবৰ বাবে সংস্কৃতলৈ অনুবাদ কৰি দিছে বেনাৰসৰ উদীয়মান গীতিকাৰ আলোকে । সংগীত ব্যৱস্থাপনা বাঁহীবাদক প্ৰাঞ্জল বৰাৰ । 1959 চনত ৰাজনৈতিক কাৰণত ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা 'নীল আকাশেৰ নীচে'ৰ ভাৰতীয় ছবিখন নিৰ্মাণ হৈছিল মহাদেৱী বাৰ্মাৰ কাহিনীৰ আধাৰত ৷

"অ' নদী, এটি মাথোঁ প্ৰশ্ন সোধোঁ তোমাক"

নগাঁও, 20 জুলাইঃ ৰাজ্যত বান বিভীষিকা চলি থকা সময়তে ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত সম্প্ৰচাৰৰ দিশে নদী মানুহক লৈ লিখা এটি বিশেষ সংস্কৃত গীত ৷ ডিডি নিউজৰ 'বাৰ্তাৱলী' শীৰ্ষক সংস্কৃত অনুষ্ঠানত দেওবাৰে সম্প্ৰচাৰিত হ'ব সংস্কৃত শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত নদী আৰু মানুহৰ জীৱনক লৈ লিখা বিশেষ সংস্কৃত গীতটি । বিখ্যাত পৰিচালক মৃণাল সেনৰ কথাছবি 'নীল আকাশেৰ নীচে'ৰ এই প্ৰসিদ্ধ গীতটিৰ সংস্কৃত দৃশ্য ৰূপ 'অ' নদী ৰে, প্ৰশ্নম্ একম্ পৃচ্ছামি হি কেৱলম্' (অ' নদী, এটি মাথোঁ প্ৰশ্ন সোধোঁ তোমাক) ।

"অ' নদী, এটি মাথোঁ প্ৰশ্ন সোধোঁ তোমাক"

উল্লেখ্য যে, গীতটি দিল্লী দূৰদৰ্শনৰ অনুৰোধ মৰ্মে নগাঁৱৰ শিল্পী ৰঞ্জন বেজবৰুৱাই কণ্ঠ দিবৰ বাবে সংস্কৃতলৈ অনুবাদ কৰি দিছে বেনাৰসৰ উদীয়মান গীতিকাৰ আলোকে । সংগীত ব্যৱস্থাপনা বাঁহীবাদক প্ৰাঞ্জল বৰাৰ । 1959 চনত ৰাজনৈতিক কাৰণত ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা 'নীল আকাশেৰ নীচে'ৰ ভাৰতীয় ছবিখন নিৰ্মাণ হৈছিল মহাদেৱী বাৰ্মাৰ কাহিনীৰ আধাৰত ৷ য'ত চীনা ফেৰিৱালা ৱাং লু আৰু কলকাতাৰ দুহিতা বাসন্তীৰ গভীৰ মানৱিক সম্পৰ্কক চিত্ৰিত হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত সমাজৰ নিম্ন স্তৰৰ মানুহৰ দুঃখ-দুৰ্দশাৰ বৰ্ণনাৰে ।
হেমন্ত মুখাৰ্জীৰ অতুলনীয় সংগীত আৰু কণ্ঠৰ 'ও নদী ৰে, একটি কথা শুধাই শুধু তোমাৰে' শীৰ্ষক কালজয়ী গীতটি বৰ্তমানৰ বান-খহনীয়া আক্ৰান্ত মানুহৰ জীৱন আৰু মানসিক অৱস্থাৰ সৈতেও খাপ খায় ।

Intro:Body:বৰ্তমান অসমত অবৰ্ণনীয় বান পৰিস্থিতি তথা মানুহ-প্ৰকৃতিৰ ভয়ংকৰ সংঘাত। তাৰ মাজতে অসমবাসীলৈ আহিছে এটি সুখবৰ। কাইলৈ সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম ডিডি নিউজৰ 'বাৰ্তাৱলী' শীৰ্ষক সংস্কৃত অনুষ্ঠানত সম্প্ৰচাৰিত হ'ব- সংস্কৃত গীতৰ শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত নদী আৰু মানুহৰ জীৱনক লৈ লিখা এটি বিশেষ সংস্কৃত গীত।
বিখ্যাত পৰিচালক মৃণাল সেনৰ কথাছবি 'নীল আকাশেৰ নীচে'ৰ এই প্ৰসিদ্ধ গীতটিৰ সংস্কৃত দৃশ্য-ৰূপ- 'অ' নদী ৰে, প্ৰশ্নম্ একম্ পৃচ্ছামি হি কেৱলম্' (অ' নদী, এটি মাথোঁ প্ৰশ্ন সোধোঁ তোমাক)। গীতটি দিল্লী দূৰদৰ্শনৰ অনুৰোধ মৰ্মে নগাঁৱৰ শিল্পী ৰঞ্জন বেজবৰুৱাই কণ্ঠ দিবৰ বাবে সংস্কৃতলৈ অনুবাদ কৰি দিছে বেনাৰচৰ উদীয়মান গীতিকাৰ আলোকে। সংগীত ব্যৱস্থাপনা- বাঁহীবাদক প্ৰাঞ্জল বৰাৰ।
১৯৫৯ চনত ৰাজনৈতিক কাৰণত ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা উক্ত মননশীল ভাৰতীয় ছবিখন নিৰ্মাণ হৈছিল মহাদেৱী বাৰ্মাৰ কাহিনীৰ আধাৰত- য'ত চীনা ফেৰিৱালা ৱাং লু আৰু কলকাতাৰ দুহিতা বাসন্তীৰ গভীৰ মানৱিক সম্পৰ্কক চিত্ৰিত হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত, সমাজৰ নিম্ন স্তৰৰ মানুহৰ দুঃখ-দুৰ্দশাৰ বৰ্ণনাৰে।
হেমন্ত মুখাৰ্জীৰ অতুলনীয় সংগীত আৰু কণ্ঠৰ 'ও নদী ৰে, একটি কথা শুধাই শুধু তোমাৰে' শীৰ্ষক কালজয়ী গীতটি আজি বান-খহনীয়া আক্ৰান্ত মানুহৰ জীৱন আৰু মানসিক অৱস্থাৰ সৈতেও খাপ খায়। পৰৱৰ্তী ভাৰতীয় গীতিকাৰৰ গীততো গৌৰীপ্ৰসন্ন মজুমদাৰৰ এই বাংলা গীতটিৰ বিশেষ প্ৰভাৱ আছে বুলি ভৱাৰ থল আছে। সেয়েহে শিল্পী বেজবৰুৱাই সংস্কৃত ৰূপত গাই ভাৰতীয় সংস্কৃতিৰ বৰঘৰত গীতটি সংৰক্ষণ কৰা আৰু সম্প্ৰচাৰ কৰাৰ বিশেষ প্ৰয়োজন আছে বুলি ভাৱিছে। লগতে ইয়াৰ দ্বাৰা মৃণাল সেন, হেমন্ত মুখাৰ্জীৰ দৰে ভাৰতীয় চিনেমাৰ বৰেণ্যজনক শ্ৰদ্ধা জনোৱাও হ'ব।
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি
শিল্পী-গীতিকাৰ-অনুবাদক ৰঞ্জন বেজবৰুৱাই ভাৰতীয় সুগম সংগীতক সংস্কৃতৰ মাধ্যমেৰে আৰু সংস্কৃত ভাষাক সংগীতৰ মাধ্যমেৰে উদ্বোধিত আৰু জনপ্ৰিয় কৰা কামটোৰ সাধনা কৰি আহিছে ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত সাহিত্যৰ স্নাতকোত্তৰ আৰু কাব্যশাস্ত্ৰী, সংস্কৃত ভাষা-কৃষ্টিৰ সাধক- ৰঞ্জন বেজবৰুৱাই এফালে শ্ৰীমন্ত শংকৰদেৱৰ পৰা ড: ভূপেন হাজৰিকা প্ৰমুখ্যে মহানসকললৈ আৰু আনফালে কবি ৰবীন্দ্ৰনাথ, ইকবাল, কবি প্ৰদীপ, এ. আৰ. ৰহমান, জগজিৎ সিং প্ৰভৃতি ভাৰতৰ বৰেণ্য সংগীত কাণ্ডাৰীসকলৰ শতাধিক গীত সংস্কৃত ভাষালৈ নিজে ৰূপান্তৰ কৰি বা আনৰ ৰূপান্তৰত স্বকণ্ঠে তথা সমৱেত কণ্ঠে পৰিৱেশন কৰি আহিছে ।
ইয়াৰ লগতে যোগ হৈছে বিহুগীত, কামৰূপী, গোৱালপৰীয়া আদি গীতৰ অনুবাদ, প্ৰসিদ্ধ অসমীয়া কবিতাৰ অনুবাদ আৰু ভাৰতীয় সংস্কৃতি বিষয়ক মৌলিক নিৱন্ধ আৰু গীত ৰচনা আদিও।
ভালেমান উচ্চ মানৰ সাংস্কৃতিক অনুষ্ঠান, আলোচনা-চক্ৰত গীত পৰিৱেশন কৰা ৰঞ্জন বেজবৰুৱাৰ গীত ভাৰতৰ উপৰি বিদেশতো জনপ্ৰিয় হৈছে। বহু সংখ্যক গীত ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম- আকাশবাণী, দূৰদৰ্শন, ইণ্টাৰনেট আদিৰ যোগেদি বিয়পি পৰিছে ।
শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু পীতাম্বৰদেৱ গোস্বামীৰ জীৱন আধাৰিত তিনিখনকৈ অসমীয়া কথাছবিত বেজবৰুৱাই শ্লোক-সংলাপ-গীত আদি পৰিৱেশন কৰিছে।
২০১৪ চনত যোৰহাটৰ চেলেংহাটত 'সুধাকণ্ঠ ড: ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা' লাভ কৰা বেজবৰুৱা অসম তথা ভৰতৰ বিভিন্ন ঠাইত সম্বৰ্ধিত হৈছে ।
২০১৬ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰীয় দূৰদৰ্শনৰ 'ডি ডি নিউজ' যোগে চাৰ ইকবাল ৰচিত উল্লেখযোগ্য দেশপ্ৰেমৰ গীত 'চাৰে জাঁহা চে অচ্ছা'ৰ সংস্কৃত ৰূপান্তৰ আজিৰ দেশৰ অন্যতম জনপ্ৰিয় সংস্কৃত গীত । কেইবাটাও সংস্কৃত গীত নৃত্যৰূপ, দৃশ্যৰূপ বা সমৱেত কণ্ঠত দেশৰ সংস্কৃত-কেন্দ্ৰিক অনুষ্ঠানসমূহত অতি জনপ্ৰিয় ।Conclusion:visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.