ETV Bharat / state

বঢ়মপুৰত প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত 'সংস্কাৰ জাগৰণ যাত্ৰা' - প্ৰজ্ঞা ফাউণ্ডেছন

নগাঁৱৰ বঢ়মপুৰত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে 'সংস্কাৰ জাগৰণ যাত্ৰা' । প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত আৰম্ভ হোৱা 'সংস্কাৰ জাগৰণ যাত্ৰা' অহা ৪ মাৰ্চলৈকে অব্যাহত থাকিব ।

বঢ়মপুৰত প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত 'সংস্কাৰ জাগৰণ যাত্ৰা'

author img

By

Published : Feb 26, 2021, 6:39 PM IST

বঢ়মপুৰ, ২৬ ফেব্ৰুৱাৰী: থলুৱা সংস্কৃতি সুৰক্ষা, প্ৰকৃতি সুৰক্ষা আদি বিষয়ত জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যেৰে প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত সমগ্ৰ ৰাজ্যত আৰম্ভ কৰা হৈছে 'সংস্কাৰ জাগৰণ যাত্ৰা' । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৭ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই 'সংস্কাৰ জাগৰণ যাত্ৰা' শুক্ৰবাৰে নগাঁৱতো শুভাৰম্ভণি কৰা হয় । বঢ়মপুৰ সমষ্টিৰ কামপুৰৰ ঐতিহ্যমণ্ডিত ৰত্নাৱলী থানৰ পৰা আৰম্ভ কৰা হয় এই সজাগতামূলক যাত্ৰা ।

বঢ়মপুৰত প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত 'সংস্কাৰ জাগৰণ যাত্ৰা'
বঢ়মপুৰত প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত 'সংস্কাৰ জাগৰণ যাত্ৰা'

প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা অহা ৪ মাৰ্চলৈকে অব্যাহত থাকিব । এই 'সংস্কাৰ জাগৰণ যাত্ৰা'ৰ মূল উদ্দেশ্য হৈছে মাদক দ্ৰব্য সেৱন বন্ধ কৰা, থলুৱা সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষা, প্ৰকৃতি সুৰক্ষা, ভূমি সুৰক্ষা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা । লগতে জৈৱিক সাৰৰ ব্যৱহাৰৰ বিষয়তো ৰাইজক সজাগ কৰাৰ উদ্দেশ্য এই 'সংস্কাৰ জাগৰণ যাত্ৰা' আৰম্ভ কৰা হৈছে । শুক্ৰবাৰে এই যাত্ৰাত শতাধিক লোকে অংশগ্ৰহণ কৰে ।

'সংস্কাৰ জাগৰণ যাত্ৰা' সমগ্ৰ বঢ়মপুৰ সমষ্টিৰ প্ৰতিটো পঞ্চায়ততে কৰি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিব প্ৰজ্ঞা ফাউণ্ডেছনে । এই যাত্ৰাৰ নেতৃত্ব দিছে প্ৰজ্ঞা ফাউণ্ডেছনৰ বঢ়মপুৰ সমষ্টিৰ সভাপতি ৰাতুল বৰা আৰু সম্পাদক বিশ্বজিৎ বৰাই ।

লগতে পঢ়ক:আৰক্ষী পদৰ সাক্ষাৎকাৰলৈ অহা যুৱকৰ বেগত পিস্তল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.