ETV Bharat / state

২৯ জানুৱাৰীৰ পৰা নগাঁৱত শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ - গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা

নগাঁৱত ২৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ ।গুৰুজনাৰ সৃষ্টি-কৃষ্টিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াসৰে মাধৱ সংস্কৃতি ন্যাসৰ আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে এই প্ৰদক্ষেপ ।

নগাঁৱত ২৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ

author img

By

Published : Jan 5, 2021, 7:41 PM IST

নগাঁও,5 জানুৱাৰীঃ অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ । মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আগন্তুক ২৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে নগাঁৱত অনুষ্ঠিত হ'ব এই মহোৎসৱ । তিনিদিনীয়া কাৰ্যসূচীৰ অংশৰূপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ,অংকীয়া নাট,সত্ৰীয়া শৈলীৰ অনুষ্ঠান আদি অনুষ্ঠিত হ'ব ।

নগাঁৱত ২৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ

নগাঁও চহৰ আৰু গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ লগতে সমীপৱৰ্ত্তী কেইবাস্থানতো অনুষ্ঠিত হ'বলগীয়া এই তিনিদিনীয়া মহোৎসৱত ৰাজ্যৰ লগতে দেশ-বিদেশৰ পণ্ডিত,শিল্পী,গৱেষকসকলে অংশ ল'ব বুলি জানিব পৰা গৈছে । ৩১ জানুৱাৰীত সামৰণি পৰিবলগীয়া শংকৰদেৱ মহোৎসৱৰ বিষয়ে বিস্তৃতভাৱে আলোচনাৰ বাবে মঙলবাৰে বিয়লি নগাঁৱৰ শংকৰ মিশ্যনৰ সভাগৃহত এখনি আলোচনা সভা অনুষ্ঠিত হয় । সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভা খনত নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়কঃ মৰ্মান্তিকঃ খেলি থকা অৱস্থাতে অগ্নিদদ্ধ হৈ নিহত দুই শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.