ETV Bharat / state

চামগুৰিত অনিল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ - চামগুৰিত অনিল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ

শনিবাৰে অনিল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ও মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া উপস্থিত হৈ চামগুৰিৰ ভেলেউগুৰি স্থিত নাট্য মন্দিৰত প্ৰচাৰ চলাই ।

as_smg_dilip-saikia-election-campaign_img_asc10079
চামগুৰিত দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Mar 21, 2021, 12:02 PM IST

চামগুৰি, 21 মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত তৎপৰতা দুগুণে বৃদ্ধি পোৱা দেখা গৈছে। ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিতো বিজেপি দলৰ মনোনীত প্ৰাৰ্থী অনিল শইকীয়াই অধিক তৎপৰ হৈ নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা দেখা গৈছে ৷

শনিবাৰে অনিল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া উপস্থিত হৈ চামগুৰিৰ ভেলেউগুৰি স্থিত নাট্য মন্দিৰত প্ৰচাৰ চলায় । সভাত প্ৰায় দুই সহস্ৰাধিক লোকৰ সন্মুখত ভাষণৰ প্ৰসংগত ৰকিবুল হুছেইনক যথেষ্ট সমালোচনা কৰে দিলীপ শইকীয়াই ।

আজমলৰ জন্ম হৈছে অসম খনক বাহিৰত বিক্ৰী কৰাৰ বাবে । এতিয়া কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন আৰু ৰিপুন বৰাই সেই আজমলৰ পিঠিত উঠি নিৰ্বাচনত অৱৰ্তীৰ্ণ হৈছে । সভাত এই মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ৷ আনহাতে আজমলে এক ধাক্কাত মাদ্ৰাছা খোলাৰ প্ৰসংগত দিলীপ শইকীয়াৰ কয়,‘আমি এক ধাক্কাত মাদ্ৰাছা বন্ধ কৰিলোয়েই’ ।

সমান্তৰালকৈ, লুৰিণজ্যোতি গগৈকো সমালোচনা কৰি সাংসদগৰাকীয়ে কয়, আগন্তুক নিৰ্বাচনত অসম জাতীয় পৰিষদে এখনো আসন লাভ কৰিবলৈ সক্ষম নহয় ৷

লগতে পঢ়ক-২২মাৰ্চত অসমৰ চাহ বাগিচা বন্ধৰ ঘোষণা বাতিল আটছাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.