ETV Bharat / state

চামগুৰিৰ এটা জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে ৰাইজক - chamaguri constituency

নগাঁও জিলাৰ চামগুৰিৰ এটা পথে যমৰ যাতনা ভোগাইছে সৰ্বসাধাৰণ ৰাইজক ৷ কঠালগুৰিস্থিত কেইবাটাও ক্ৰেচাৰৰ পৰা অতিমাত্ৰা শিল কঢ়িয়াই অনা একাংশ ডাম্পাৰৰ বাবেই পথটোৰ মাজত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ ।

road-destroyed-by-dumpers-in-samguri
নগাঁও জিলাৰ চামগুৰিৰ এটা জৰাজীৰ্ণ পথ
author img

By

Published : Jun 13, 2021, 1:56 PM IST

চামগুৰি, 13 জুন : একাংশ ডাম্পাৰৰ দৌৰাত্মৰ বাবে এতিয়া জৰাজীৰ্ণ হৈ পৰিছে ৰাজ্যৰ বহু সংখ্যক বাট-পথ । নগাঁও জিলাৰ চামগুৰিৰো এটা অতি গুৰুত্বপূৰ্ণ পথত ডাম্পাৰৰ অবাধ চলাচলৰ বাবে নিতৌ যমৰ যাতনা ভুগিবলগীয়া হৈছে শিশু, মহিলা, বৃদ্ধকে ধৰি বৃহত্তৰ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে ।

নগাঁও জিলাৰ চামগুৰিৰ এটা জৰাজীৰ্ণ পথ

পথটো হৈছে চামগুৰিৰ বিলপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে উদমাৰিৰে পাৰহৈ যোৱা ১৭ নং ৰাজ্যিক ঘাইপথৰ মাজত সংযোগ স্থাপন কৰা অন্যতম মূল পথ । এই পথেৰেই কঠালগুৰিস্থিত কেইবাটাও ক্ৰেচাৰৰ পৰা অতিমাত্ৰা শিল কঢ়িয়াই অনা একাংশ ডাম্পাৰৰ বাবেই পথটোৰ মাজত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ । গুৰু-গোসাঁই নমনা ডাম্পাৰৰ চলাচলৰ ফলত সৃষ্টি হোৱা বোকাময় পথটোৰে জৰুৰীকালীন অৱস্থাত চামগুৰি প্ৰাথমিক চিকিৎসালয় (Samguri Primary Hospital) খনলৈও ৰোগীৰ অনাতো যথেষ্ট অসুবিধা হয় ।

উল্লেখ্য যে, প্ৰায় ৫/৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো পূৰ্বে মসৃন আছিল যদিও মাত্ৰ এটা বছৰৰ ভিতৰতে সঘনাই ডাম্পাৰৰ চলাচলে পথটো বিধ্বস্ত কৰি তোলাৰ অভিযোগ উত্থাপন হৈছে ৷ স্থানীয় একাংশ লোকে নতুন চৰকাৰ খনৰ লগতে সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন (MLA Rakibul Hussain)ক শীঘ্ৰেই পথটোৰ উপযুক্ত মেৰামতি কৰি যাতায়ত সূচল কৰি তুলিবলৈ দাবী উত্থাপন কৰিছে । অৱশ্যে সংশ্লিষ্ট গড়কাপ্তানী বিভাগ (PWD)ৰ কতৃপক্ষক পূৰ্বে বহুবাৰ আবেদন নিবেদন জনাইছে যদিও কোনো ধৰণৰ সুফল নোপোৱাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰি ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক : ক’ভিড সংকটত ৰাজ্যৰ পদপথৰ ক্ষুদ্র ব্যৱসায়ীৰ জীৱন বিপৰ্যস্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.