ETV Bharat / state

Kolong river rejuvenation project: কেতিয়া সম্পূৰ্ণ হ’ব কলংমুখত শ্লুইছ গেট নিৰ্মাণৰ কাম ! - কলংমুখত শ্লুইছ গেট নিৰ্মাণ

কি অৱস্থাত আছে উজ্জীৱিত কলং আঁচনিৰ নিৰ্মাণৰত শ্লুইছ গেট ? কলঙৰ বুকুৰে কেতিয়া লুইতৰ পানী ব’ব ?কেতিয়া পূৰণ হ'ব বোৱতী কলঙৰ আশা(Kolong river rejuvenation project) ?

Kolong river rejuvenation project
কেতিয়া সম্পূৰ্ণ হ’ব কলংমুখত শ্লুইছ গেট নিৰ্মাণৰ কাম !
author img

By

Published : Jan 8, 2023, 10:49 PM IST

কেতিয়া সম্পূৰ্ণ হ’ব কলংমুখত শ্লুইছ গেট নিৰ্মাণৰ কাম !

কলিয়াবৰ, ৮ জানুৱাৰী : পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ২০২০ চনৰ ৩০ অক্টোবৰত আৰম্ভ কৰা কলংমুখৰ কাম বৰ্তমানৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই সম্পূৰ্ণ কৰি তুলিব পাৰিবনে ? এই বিষয়টো কলংপৰীয়া ৰাইজৰ মাজতে প্ৰতিদিনে আলোচনা হয় । ২৪ ঘণ্টাই কাম কৰি তিনিমাহৰ ভিতৰত কলংমুখত শ্লুইছগেট নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰীগৰাকীয়ে । যাতে কলং আকৌ বোৱতী হয় । কিন্তু কাম আৰম্ভ কৰাৰ দুবছৰ পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে কলং বোৱতী নহ’ল(Kolong river rejuvenation project) ।

পূৰ্বৰ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ কাৰ্যকালৰ শেষৰ ভাগত কলং সুঁতিক উজ্জীৱিত কৰাৰ লক্ষ‍্যৰে কলংমুখত আৰম্ভ হৈছিল শ্লুইছ গেট্ নিৰ্মাণৰ কাম(Kolong River Rejuvenation Plan Kicks Off) । তিনি মাহত সম্পূৰ্ণ কৰাৰ ঘোষণা কৰিছিল পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই(Former Water Resources Minister Keshab Mahanta) । কিন্তু বিভাগীয় হেমাহি আৰু ঠিকাদাৰৰ অকৰ্মণ‍্যতাৰ বাবে নিৰ্মাণকাৰ্য‍ গেঠেলা মাৰিলে । শ্লুইছ গেট নিৰ্মাণৰ ঠিকা লাভ কৰা গুৱাহাটীৰ 'জেড ইঞ্জিনীয়াৰিং' নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ শ্লুইছ গেটৰ দৰে এক বিশেষ কাৰিকৰী নিৰ্মাণৰ বাবে নাছিল যাৱতীয় আহিলা আৰু কাৰিকৰী দক্ষতা । সেয়ে প্ৰাকৃতিকভাৱে অহা বাধাসমূহ দূৰ কৰাত সক্ষম হোৱা নাছিল ।

Kolong river rejuvenation project
কেতিয়া সম্পূৰ্ণ হ’ব কলংমুখত শ্লুইছ গেট নিৰ্মাণৰ কাম !

শ্লুইছ গেট নিৰ্মাণৰ এনে লেহেমীয়া গতি চলি থকাৰ সময়ত ২০২১ বৰ্ষৰ ২৩ মে'ত সেই পৰিস্থিতি অধ‍্যয়নৰ অংশৰূপে মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈছিল কলিয়াবৰৰ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰিৰ কলংমুখত । তাৰ পাছতো পাৰ হ'ল দীঘলীয়া সময় । এতিয়া সেই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে শ্লুইছ গেট নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে । জলসম্পদ বিভাগৰ কাৰ্য‍বাহী অভিযন্তাই জনোৱা মতে, পূৰ্বে হোৱা কিছু কাৰিকৰী আৰু প্ৰাকৃতিক কাৰণত নিৰ্মাণ কাৰ্য‍ লেহেমীয়া হৈছিল যদিও এতিয়া এক গতি লৈছে । এপ্ৰিল মাহৰ ভিতৰত শ্লুইছ গে'টৰ নিৰ্মাণ কাৰ্য‍ সম্পূৰ্ণ হোৱাৰ তেওঁ আশা প্ৰকাশ কৰে ।

অৱশ‍্যে আন ভালেমান আনুসংগিক কাম সম্পূৰ্ণ হোৱা পাছতহে কলঙৰ বুকুয়েদি লুইতৰ পানী বোৱাই নিয়াটো সম্ভৱ হৈ উঠিব । নগাঁও জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতি কলঙক পুনৰ বোৱতী কৰিবৰ বাবে ২০২০ চনৰ অক্টোবৰতে জলসম্পদ বিভাগে এক প্ৰকল্প হাতত লৈছিল যদিও বৰ্তমানো হৈ উঠা নাই । তদানীন্তন মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মুখ‍্যমন্ত্ৰীৰ 'চিগনেচাৰ প্ৰজেক্ট' কেতিয়া সম্পূৰ্ণ হয় সেই লৈ জল্পনা-কল্পনাৰ অন্ত পৰা নাই । প্ৰায় ১৩৫ কোটি টকাৰ ব্যয়ৰে কলং পুনৰুজ্জীৱিতকৰণৰ বাবে কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখত আৰম্ভ কৰা প্ৰকল্পৰ লেহেমীয়া নিৰ্মাণ কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল‌ ।

উল্লেখ‍্য যে, ১৯৬৪ চনতে কলিয়াবৰৰ হাতীমূৰাত বান্ধ দিয়াৰ ফলত মৰা সুঁতিত পৰিণত হৈছিল কলং সুঁতি ৷ এই সুঁতি ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই নগাঁও জিলাৰ মাজেৰে বৈ গৈ পুনৰ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ । ১৯৬৪ চনত নগাঁও নগৰক কলঙৰ বান পৰা ৰক্ষা কৰিবলৈ কলঙৰ মুখত মথাউৰি নিৰ্মাণেৰে এখন জীৱিত নদীক হত‍্যা কৰা হৈছিল । পিচৰ বছৰেই এই মথাউৰিটো ভাঙি নিয়াত পুণৰ নিৰ্মাণ কৰা মথাউৰিটো ১৯৭৩ চনত ব্ৰহ্মপুত্ৰই খহাই লৈ যায় । সেই সময়তে কলঙক বোৱাই নিবলৈ এক প্ৰচেষ্টা আৰম্ভ হৈছিল ।

১৯৭৪ চনত ১৪৪ ধাৰা বলৱৎ কৰিহে বৰ্তমানৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি চৰকাৰে নিৰ্মাণ কৰিবলগীয়া হৈছিল । সমান্তৰালকৈ এটা পক্ষই কলংখনক বোৱাই নিয়াৰ বাবে এক নিৰৱ চেষ্টা চলাই গ'ল । কিন্তু এতিয়াও সম্পূৰ্ণ হোৱা নাই চৰকাৰৰ বোৱতী কলঙৰ বাবে কৰা কল্পনাৰ বাস্তৱ ৰূপায়ন ।

লগতে পঢ়ক: Assam Book Fair 2022 : সামৰণিৰ পূৰ্বৰ দিনটোত পৰুৱাৰ বাবেও বাট নাই গ্ৰন্থমেলাৰ বাকৰিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.