নগাঁও,6 জুলাই: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ শাৰিৰীক অসুস্থতা সন্দৰ্ভত এইবাৰ মুখ খুলিছে নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ সাংসদগৰাকীয়ে গগৈক অসমৰ সম্পদ হিচাপে অভিহিত কৰাৰ লগতে ৰাইজৰ সৈতে নেতাগৰাকীৰ সংযোগ বিছিন্ন কৰাৰ বাবে অভিসন্ধি ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ বিগত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ছোৱাত চৰকাৰৰ বিপক্ষে মাত মতাৰ অভিযোগৰ লগতে আন কেইবাটাও অভিযোগত অখিল গগৈক আটক কৰি কাৰাবন্দী কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে ৷ শেহতীয়াকৈ গগৈৰ অসুস্থ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক উচিত চিকিৎসা প্ৰদানৰ দাবী জনাই সাংসদ বৰদলৈয়ে ৷ সমান্তৰালভাৱে বৰ্তমান শাসনাধীন চৰকাৰখনক স্বেচ্ছাচাৰী আখ্যা দিয়ে কংগ্ৰেছী সাংসদগৰাকীয়ে ৷
লগতে চাওকঃ COVID-19ত আক্ৰান্ত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি গৰাকী চিকিৎসক