ETV Bharat / state

ৰহাত নাও দুৰ্ঘটনাত সন্ধানহীন এজন - ৰহাৰ হগলতলীৰ ৯জন লোকে ৰহাৰ দীঘলদৰিত

বৃহস্পতিবাৰে ৰহাৰ হগলতলীৰ ৯জন লোকে ৰহাৰ দীঘলদৰিত কাম কৰি সন্ধিয়া ঘৰলৈ ওভতাৰ পৰে উক্ত ঘটনাটি সংঘটিত হয় ৷

raha-youth-missing-in-flood
ৰহাত নাও দুৰ্ঘটনাত সন্ধানহীন এজন
author img

By

Published : Jul 24, 2020, 1:14 PM IST

ৰহা,24জুলাইঃ নগাঁও জিলাৰ ৰহাৰ দীঘলদৰিৰ চাকুলি বিলত বৃহস্পতিবাৰে সন্ধিয়া নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা জহিৰুল হুছেইনৰ শুকুৰবাৰে পৰ্যন্ত সন্ধান ওলোৱা নাই । শুকুৰবাৰে পুৱাৰে পৰা হগলতলীৰ ৰাইজে ডেৰকুৰিৰো অধিক নাও লৈ সাগৰসদৃশ পৰিবেশৰ মাজত জহিৰুলক বিচাৰি চলাথ কৰিছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । ইপিনে ৰহাৰ SDRF য়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

ৰহাত নাও দুৰ্ঘটনাত সন্ধানহীন এজন

উল্লেখ্য যে, বৃহস্পতিবাৰে ৰহাৰ হগলতলীৰ ৯জন লোকে ৰহাৰ দীঘলদৰিত কাম কৰি সন্ধিয়া পানীৰ মাজেৰে এখন নাৱেৰে নিজ গৃহলৈ আহি আছিল। কিন্তু চাকুলি বিল পাওঁতেই হঠাৎ অহা বতাহ বৰষুণত নাওখন ডুব যায় । ঘটনা সংঘটিত হোৱাৰ পিছতেই ইয়াৰে ৮ গৰাকীক এজন লোকে নাৱেৰে জীৱন্তে উদ্ধাৰ কৰিৱলৈ সক্ষম হয় যদিও ৷ দুৰ্ভাগ্যবশত জহিৰুল পানীত ডুবি সন্ধানহীন হয়। শুকুবাৰে পুৱা হজহিৰুলৰ সন্ধানত অঞ্চলৰ ৰাইজে নাৱেৰে সাগৰসদৃশ জলপৃষ্ঠ পৰিবেশত বিচাৰি চলাথ কৰিছে । উল্লেখ্য যে হাৰিয়া নদীৰ বানে সমগ্ৰ অঞ্চল বুৰাই পেলোৱাৰ মৰ্মান্তিক ঘটনাটি সংঘটিত হয় ।

লগতে পঢ়কঃ প্ৰতিদিনেই মৃত্যুৰ আশংকাৰে বিপদসংকুল যাত্ৰা...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.