নগাঁও, 2 মাৰ্চঃ ৰহা টোল গেটত দ্বীতীয় দিনাও অব্যাহত কৰ সংগ্ৰহ । দ্বিতীয় দিনাৰ পৰা নগাঁও জিলাৰ বাহিৰৰ পঞ্জীয়নভুক্ত ব্যক্তিগত গাড়ীৰ পৰাও সংগ্ৰহ কৰা হৈছে কৰ । নগাঁও জিলাৰ পঞ্জীয়নভুক্ত বাহনে দিবলগীয়া হোৱা নাই কোনো কৰ । ফাষ্টটেগ ব্যৱহাৰ নকৰা বাহনে ভৰিব লাগিব দুগুণ জৰিমনা । টোল গেটৰ কাষতে ব্যৱস্থা ৰাখিছে ফাষ্টটেগৰ,যাতে যি সমূহ গাড়ীৰ ফাষ্ট টেগৰ ব্যৱস্থা নাই সেই সমূহ গাড়ী বা বাহন ইয়াত ফাষ্ট টেগ লগাব পাৰিব ৷

ইফালে ১ মাৰ্চৰ পৰা তৃতীয়বাৰৰ বাবে কৰ সংগ্ৰহ আৰম্ভ কৰা ৰহা টোলগেটত দ্বিতীয় দিনাও অব্যাহত কৰ সংগ্ৰহ । দল সংগঠনৰ প্ৰতিবাদত পূৰ্বে দুবাৰকৈ বন্ধ হোৱা ৰহা টোল গেটত নিৰাপত্তাৰক্ষীৰ উপস্থিতিত সংগ্ৰহ কৰি আছে কৰ । প্ৰথম দিনা কোনো এখন ব্যক্তিগত বাহনৰ পৰা কৰ সংগ্ৰহ কৰা নাছিল যদিও সোমবাৰৰ পৰা ব্যক্তিগত বাহসমূহৰ পৰাও আৰম্ভ কৰিছে কৰ সংগ্ৰহ । অৱশ্যে নগাঁও জিলাত পঞ্জীয়নভুক্ত ব্যক্তিগত বাহনৰ পৰা সংগ্ৰহ কৰা নাই কোনো কৰ । পৰৱৰ্তী সময়ত নগাঁও জিলাৰ ব্যক্তিগত বাহনসমূহে কৰ দিব লাগিব যদিও সেয়া হ'ব ৰেহাই মূল্যত । আনকি ৰহা ৰাজহ চক্ৰৰ অধীনৰ সকলো ব্যক্তিগত বাহনৰ কৰ ৰেহাই দিছে কৰ সংগ্ৰহৰ দায়িত্ব লাভ কৰা প্ৰতিষ্ঠান এম বি কন্স্টেৰিয়ামে।
টোল সংগ্ৰহৰ ক্ষেত্ৰত চৰকাৰে ফাষ্ট টেগ বাধ্যতামূলক কৰাৰ পিছত এতিয়াও অধিকাংশ বাহনেই ব্যৱহাৰ কৰা নাই ফাষ্টটেগ । ফাষ্টটেগ ব্যৱহাৰ নকৰা বাহনে পৰৱৰ্তী সময়ত ভৰিব লাগিব দুগুণ জৰিমনা । ৰহাত স্থাপিত টোল গেটৰ সমীপতে ব্যৱস্থা কৰিছে ফাষ্ট টেগৰ । ইপিনে ৰহা টোলগেটৰ কৰ সংগ্ৰহৰ দায়িত্ব লাভ কৰা প্ৰতিষ্ঠান এম বি কন্স্টেৰিয়ামে পূৰ্বতকৈ কিছু পৰিমাণে কৰৰ পৰিমাণ হ্ৰাস কৰিছে যদিও এতিয়াও অসন্তুষ্ট বহু গাড়ী চালক।
লগতে চাওকঃ