কলিয়াবৰ, 5 ছেপ্তেম্বৰ : নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে কুঠৰীৰ ৰাজহুৱা সভাগৃহত এখন বিশেষ সভা অনুষ্ঠিত হয় ৷ সভাখনত উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰা, নগাঁও জিলাৰ উপায়ুক্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ বিষয়ববীয়া ৷ সকলোৰে উপস্থিতিত স্থানীয় ৰাইজৰ অভাৱ-অভিযোগৰ বিষয়ে বিশদ আলোচনা কৰা হয় ।
উল্লেখযোগ্য যে, জীৱ-কূলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰিবলগীয়া তিনিখনকৈ উৰণীয়া সেঁতুৱে স্থানীয় শ্ৰমজীৱি তথা ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে কাজিৰঙা পৰ্যটনৰ লগত জড়িত ব্যক্তিৰ যাতে জীৱন জীৱিকাৰ প্ৰতি কোনো ভাবুকিৰ সৃষ্টি নকৰে তাৰ প্ৰতি কৰ্তৃপক্ষক আহ্বান জনাই স্থানীয় লোকে ।
আনহাতে সভাখনত উপস্থিত থকা মন্ত্ৰীদ্বয় ক্ৰমে কেশৱ মহন্ত, অতুল বৰাই ৰাইজৰ অভাৱ-অভিযোগৰ প্ৰতি উচিত বিচাৰ কৰা হ'ব বুলি সভাত মন্তব্য আগবঢ়াই । উক্ত সভাখনত আছু,আগছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়কঃ AJP ৰ আহ্বানত গুৱাহাটীলৈ আহিব মহাৰাজা প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মন