কলিয়াবৰ, 3 জুলাই: কলিয়াবৰৰ দেওচুৰত প্ৰস্তাৱিত বনাঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কলিয়াবৰবাসীয়ে (Protest Against Proposed Reserve Forest at Deosur) ৷
“আমি তেজ দিম, কিন্তু মাটি নিদিওঁ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ বাবে বিপদ হিচাপেহে পৰিগণিত হৈছে ৷ কলিয়াবৰবাসীয়ে এনেকুৱা প্ৰত্যাহ্বান বহুত পাৰ কৰিছে, গতিকে এনেকুৱা প্ৰত্যহ্বান আমি ভয় নকৰো ৷ চৰকাৰে এনেকুৱাহে দেখুৱাইছে মানুহতকৈ জীৱ-জন্তুৰহে বেছি প্ৰয়োজন ৷ কিন্তু মানুহেহে জীৱ-জন্তুসকলক ৰক্ষণাবেক্ষণ দিছে ৷ অতীজৰ পৰা এই ঠাইত খিলঞ্জীয়া ভূমিপুত্ৰসকলে বাস কৰি আহিছে ৷ এতিয়া এইসকল লোক ক’লৈ যাব ?"
শনিবাৰে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াই আমগুৰি গাঁও পঞ্চায়তত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণাৰ কৰাৰ বাবে ৰাজহুৱা শুনানী জাৰি কৰিছিল ৷ ইয়াৰ পিছতে আতংকিত হৈ পৰে স্থানীয় লোকসকল ৷ চৰকাৰৰ এই পদক্ষেপৰ প্ৰতিবাদ জনাই হাতে-হাতে প্লেকাৰ্ড লৈ শনিবাৰে ৰাজপথলৈ ওলাই আহে কলিয়াবৰবাসী ৷
যুগ-যুগ ধৰি প্ৰকৃতিৰ সৈতে সহৱস্থান কৰি অহা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলটোত বসবাস কৰি অহা জনজাতীয় ৰাইজৰ জীৱন-জীৱিকা সুৰক্ষিত ৰখাৰ স্বাৰ্থত সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱ নাকচ কৰিবলৈ চৰকাৰক দাবী জনাই স্থানীয় ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই (AASU) ৷ প্ৰতিবাদী ৰাইজে চৰকাৰ তথা বন বিভাগলৈ হুংকাৰ দি কয়- “আমি তেজ দিম, কিন্তু মাটি নিদিওঁ । চৰকাৰে এই প্ৰস্তাৱ উঠাই নল’লে এই প্ৰতিবাদে ভয়ংকৰ ৰূপ ল’ব ৷ আমি আমাৰ মাটি ভেটিৰ এক অংশও এৰি নিদিওঁ ৷”
ইয়াৰ সমান্তৰালকে যোৱা 24 জুনত লিয়াবৰৰ হাতীমূৰাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ খবৰ প্ৰকাশৰ পিছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল হাতীমূৰা, জখলাবন্ধা, কেৰি-বাকৰিৰ সৰ্বসাধাৰণ ৰাইজে ৷ 13 জুনত জখলাবন্ধা গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত হাতীমূৰাক সংৰক্ষিত বনাঞ্চল কৰাৰ প্ৰসংগত স্থানীয় প্ৰশাসনে এক ৰাজহুৱা শুনানি প্ৰদান কৰিছিল ৷ প্ৰশাসনৰ ৰাজহুৱা শুনানি শেষ নৌহওঁতেই হাতে-হাতে প্লেকাৰ্ড লৈ, শ্ল'গান দি ৰাইজে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Protest Against Proposed Reserve Forest at Kaliabor) ৷
লগতে পঢ়ক:আমি মূৰ্খ নহয় ! জনাঞ্চলক বনাঞ্চল ঘোষণাৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ