ETV Bharat / state

প্ৰতিবাদী ক্ষোভৰ বজ্ৰ নিনাদেৰে অগ্নিগৰ্ভা অসম

author img

By

Published : Dec 10, 2019, 12:43 PM IST

প্ৰতিবাদী ক্ষোভৰ বজ্ৰ নিনাদেৰে অগ্নিগৰ্ভা অসম ৷ নগাঁৱত বিজেপি বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ ৷ নেচ’ই আহ্বান কৰা বন্ধত স্তব্ধ হৈ পৰিছে ধেমাজি জিলাৰ স্বাভাৱিক জীৱন যাত্ৰা ৷ টিংখাঙত সৰ্বানন্দ সোনোৱাল,হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতিমূৰ্তিক শাৰী,মেখেলা,পেটিকোট পিন্ধাই ৰাজপথত চোঁচৰালে প্ৰতিবাদী মহিলাই ৷ যোৰহাটত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী কাৰ্যালয়সমূহো বন্ধ আছে ৷ বন্ধৰ প্ৰভাৱ সৰ্বত্ৰে পৰিলক্ষিত হয় দৰং জিলাতো ৷ কলগাছিয়াৰ বিভিন্ন স্থানত ৰাইজৰ ৰাজ্যিক ঘাইপথৰ ওপৰত অৱস্থান প্ৰতিবাদ ৷

অসমীয়াৰ বিক্ষোভ প্ৰতিবাদ
অসমীয়াৰ বিক্ষোভ প্ৰতিবাদ

নিউজ ডেস্ক, 6 ডিচেম্বৰ: হেজাৰ অসমীয়াৰ বিক্ষোভ প্ৰতিবাদক নস্যাৎ কৰি লোকসভাত গৃহীত জাতিধ্বংসী অভিহিত কেব ৷ প্ৰতিবাদী ক্ষোভৰ বজ্ৰনিনাদেৰে অগ্নিগৰ্ভা অসম ৷ বন্ধ, ধৰ্মঘট আদিৰে তোলপাৰ ৰাজ্য ৷

নগাঁও: এনে সময়তে নগাঁৱত বিজেপি বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কৰি আটকাধীন এন এছ ইউ আই কৰ্মী ৷ প্ৰতিবাদ কৰাৰ সময়তে আৰক্ষীৰ এটা বৃহৎ দলে আটক কৰি লৈ যায় কৰ্মীসকলক৷

নগাঁৱত আটক এন এছ ইউ আই কৰ্মী

ধেমাজি: ইফালে নেচ’ই আহ্বান কৰা বন্ধত স্তব্ধ হৈ পৰিছে ধেমাজি ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে পুৱা ধেমাজিত বন্ধ সমৰ্থকে ৰে'লপথৰ ওপৰত টায়াৰ জ্বলাই অৱৰোধ কৰে ৰে'লপথ ৷ ফলত আবদ্ধ হৈ পৰে নামনিমুৱা মুৰ্কংচেলেক পেছেঞ্জাৰ ৰে'ল ৷

ধেমাজিত ৰে'লপথ অৱৰোধ

টিংখাঙ: আনফালে টিংখাঙত সৰ্বানন্দ সোনোৱাল,হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতিমূৰ্তিক শাৰী,মেখেলা,পেটিকোট পিন্ধাই ৰাজপথত চোঁচৰালে প্ৰতিবাদী মহিলাই ৷ কেব তথা বিজেপি বিৰোধী শ্লোগানেৰে উত্তাল হ'ল টিংখাঙৰ মৰাণ-নাহৰকটীয়া সংযোগী ৰাজ্যিক ঘাইপথ ৷

টিংখাঙত সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতিমূৰ্তিক শাৰী, মেখেলা, পেটিকোট পিন্ধালে ৰাইজে

যোৰহাট: শ্বহীদ দিৱসৰ প্ৰাকক্ষণত কেব বিৰোধিতাৰে নেচ’ই আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে যোৰহাট জিলাত ৷ যোৰহাটত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বন্ধ হোৱা পৰিলক্ষিত হৈছে কাৰ্যালয়সমূহো ৷ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ একাংশৰ ৷

যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদ

দৰং: বন্ধৰ প্ৰভাৱ সৰ্বত্ৰে পৰিলক্ষিত হয় দৰং জিলাতো ৷ জিলা খনৰ ছিপাঝাৰ,খাৰুপেটীয়া,দলগাঁও,কলাইগাঁও আদি অঞ্চলত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ প্ৰতিবাদকাৰীয়ে ৷

বন্ধৰ প্ৰভাৱ সৰ্বত্ৰে পৰিলক্ষিত দৰং জিলাতো

কলগাছিয়া: কলগাছিয়াৰ বিভিন্ন স্থানত ৰাইজে ৰাজ্যিক ঘাইপথৰ ওপৰত অৱস্থান প্ৰতিবাদ কৰি উত্তাল কৰি তোলে চৌদিশ ৷ কলগাছিয়াৰ লাংলা কলেজৰ সমীপতো প্ৰতিবাদকাৰী সকলে পথত টায়াৰ জ্বলাই কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰে ।

সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতিকৃতি দাহ কলগাছিয়াত

লগতে পঢ়ক: ৰাজপথত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ 'বজ্ৰকল্প' কাৰ্যসূচী

Intro:বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কৰি আটক এন এছ ইউ আই কৰি।

Body:অসম বন্ধৰ সময়ত বিজেপি বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহৰ সন্মুখত প্ৰতবাদ কৰি আটক হল nsui কৰ্মী। ২০জন কৈ এন এছ ইউ আইৰ সদস্যই প্ৰতিবাদ কৰাৰ সময়তে নগাওঁ আৰক্ষীৰ এটা বৃহৎ দলে আটক কৰি লৈ যায় নচুই3 কৰ্মীসকলক। কেবৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ।
bite

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.