ETV Bharat / state

গামোচা উৎপাদনৰ বিশেষ পদক্ষেপ আছুৰ - থলুৱা গামোচা

ৰাজ্যৰ বজাৰত বহিৰাগত গামোচাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে থলুৱা শিপিনীসকলক উপাৰ্জনৰ পথ মুকলি কৰি দিয়াৰ বাবে কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাই ২০১৭ চনত আৰম্ভ কৰিছিল থলুৱা গামোচা উৎপাদনৰ আঁচনি ।

কলিয়াবৰত আছুৰ থলুৱা গামোচা উৎপাদনৰ বিশেষ পদক্ষেপ

author img

By

Published : Mar 2, 2021, 9:24 AM IST

Updated : Mar 3, 2021, 2:46 PM IST

কলিয়াবৰ,2 মাৰ্চ: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো ডেৰ মাহ বাকী ৷ বিহু বুলিলেই প্ৰথম সকলোৰে বাবে প্ৰয়োজন হয় জাতিটোৰ সন্মান স্বৰূপ একোখন গামোচা । কিন্তু ক্ৰমাৎ যেন কমি আহিছে থলুৱা শিপিনীৰ দ্বাৰা প্ৰস্তুত হোৱা গামোচাৰ প্ৰচলন ৷ যাৰ ফলত মেচিনত নিৰ্মাণ হোৱা আবেগবিহীন একোখন গামোচাই লাহে লাহে দখল কৰিছে অসমৰ বজাৰ ৷ কিন্তু জাতিটোৰ বাবে অশনি সংকেত স্বৰূপ এই সমস্যাৰ অন্ত পেলোৱাৰ উদ্দেশ্যে কলিয়াবৰৰ আছুৱে ২০১৭ চনত আৰম্ভ কৰিছিল থলুৱা গামোচা উৎপাদনৰ এক আঁচনি । অসমীয়াৰ জাতিৰ সন্মান বিজড়িত গামোচাৰ থলুৱা উৎপাদনৰ লক্ষ্যৰে সম্প্ৰতি বিশেষ পদক্ষেপ গ্ৰহণ কলিয়াবৰ ছাত্ৰ সন্থাৰ ৷

কলিয়াবৰত আছুৰ থলুৱা গামোচা উৎপাদনৰ বিশেষ পদক্ষেপ

উল্লেখ‍যোগ্য যে, ২০১৭ চনত আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য আৰু বিশিষ্ট অভিনেত্ৰী চেতনা দাসৰ উপস্থিতিত কলিয়াবৰৰ নিজ চিলাবন্ধাক 'শিপিনী গাঁও'ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল । সোমবাৰে আছুৰ বহু কেইজন কৰ্মকৰ্তা তথা স্থানীয় গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰা হয় এইবৰ্ষৰ থলুৱা গামোচাৰ উৎপাদন কাৰ্য‍ । উক্ত অনুষ্ঠানতে নিজ চিলাবন্ধা শিপিনী গাঁৱৰ 100 গৰাকী থলুৱা শিপিনীক গামোচা উৎপাদনৰ বাবে সূতাৰ যোগান ধৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ।

একেদৰে, বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো সমাগত ৰঙালী বিহুলৈ 1000 খনৰো অধিক থলুৱা গামোচা উৎপাদনৰ লক্ষ্য লৈছে এইসকল শিপিনীয়ে ৷ যাৰ বাবে ছাত্ৰ সন্থাই সূতাৰ যোগান ধৰাৰ লগতে এটি থলুৱা গামোচা বিক্ৰী কেন্দ্ৰ জৰিয়তে বজাৰত উপলব্ধ কৰিব থলুৱা গামোচাসমূহ ৷ তদুপৰি অসমীয়া থলুৱা শিপিনীসকলক উচিত মূল্য দি তেওঁলোকৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ বাবে চৰকাৰলৈ অনুৰোধ জনাইছে কলিয়াবৰ ছাত্ৰ সন্থাই ।

লগতে পঢ়কঃ বিজেপি-অগপৰ আসন বুজাবুজি ৯৫ শতাংশ সম্পূৰ্ণ : হিমন্ত বিশ্ব

Last Updated : Mar 3, 2021, 2:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.