ETV Bharat / state

সমাগত বাৰিষাৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ

author img

By

Published : May 13, 2021, 4:12 PM IST

সমাগত বাৰিষাৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ ৷ কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্য‍ালয়ত নাও নিৰ্মাণৰ ব‍্যস্ততা ৷

preparation-for-rainy-season-kaliabor
বাৰিষাৰ আগেয়েই বানৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ

কলিয়াবৰ,13 মে’: চাওতে চাওতে শেষ হ'বৰে হ'ল বহাগ মাহ ৷ জেঠ মাহৰ আগমনৰ লগে লগেই ৰাজ‍্যলৈ নামিব বাৰিষা । বাৰিষাৰ লগে লগেই ৰাজ্যত একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিব প্ৰলংয়কৰী বানে ৷ বছৰি সমগ্ৰ অসম বানত বুৰ গৈ থকাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱ-জন্তুসকলেও কবলত পৰে বানত । এই সময়চোৱাত কুলাই-পাচিয়ে নধৰা হয় উদ‍্যানখনৰ জীৱ-জন্তুৰ দুৰ্গতি ।

অৱশ্যে, জীৱকূলক যিকোনো দুৰ্গতিৰ পৰা ৰক্ষা কৰিবলৈ সদা-সষ্টম হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বন বিভাগ এইবাৰো সাজু হৈ উঠিছে সমাগত বাৰিষাক কেন্দ্ৰ কৰি । বাৰিষাৰ পূৰ্বেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল কৰ্তৃপক্ষৰ বিষয়া-কৰ্মী, বনৰক্ষীসকলে ৬ খনকৈ নতুন নাওৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগতে বিশখনকৈ পুৰণা নাও মেৰামেতি কৰি উলিয়াইছে ৷ ইয়াৰ লগে লগে সাজু কৰি ৰখা হৈছে ষ্পীড ব'ট তথা মেছিন নাওসমূহ ৷

বানৰ কবলত পৰা জীৱ-জন্তুক উদ্ধাৰৰ ক্ষেত্ৰত নাও চলাচল কৰা পথসমূহো পৰিস্কাৰ কৰি তোলা হৈছে । এইবছৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত উচ্চভূমি বা টিলাসদৃশ স্থান গঢ়ি তোলা হৈছে । বুঢ়াপাহাৰ বনাঞ্চলত বিগত সময়চোৱাত প্ৰায় সাতটাকৈ উচ্চভূমি গঢ়ি তুলিছে কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: কিয় টীয়কত মাটি কিনাৰ মন মেলিছিল হোমেন বৰগোহাঞিয়ে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.