ETV Bharat / state

নগাঁৱৰ প্ৰতিভাৱান শৰীৰ চৰ্চাবিদ-মঞ্চ অভিনেতা প্ৰাণজিৎ ৰাজবংশীৰ অকাল মৃত্যু

বিগত এমাহ ধৰি যকৃতজনিত ৰোগত ভুগি চিকিৎসাধীন হৈ আছিল প্ৰাণজিৎ ৷ পাঁচদিন পূৰ্বে গুৱাহাটীৰ এক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয় ৷

author img

By

Published : May 19, 2019, 3:47 PM IST

অভিনেতা প্ৰাণজিৎ ৰাজবংশী

নগাঁও ,19 মে': নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী বাংঠাই গাঁৱৰ প্ৰতিভাৱান শৰীৰ চৰ্চাবিদ তথা মঞ্চ অভিনেতা আৰু যুৱ কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী প্ৰাণজিৎ ৰাজবংশীৰ শুকুৰবাৰে নিশা গুৱাহাটীৰ এক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 36 বছৰ ৷

অভিনেতা প্ৰাণজিৎ ৰাজবংশীৰ অকাল মৃত্যু
বাংঠাই গাঁৱৰ নিৱাসী তথা অসম আৰক্ষীৰ প্ৰাক্তন জোৱান হৰেশ্বৰ ৰাজবংশীৰ কনিষ্ঠ পুত্ৰ প্ৰাণজিৎ বিগত এমাহ ধৰি যকৃতজনিত ৰোগত ভুগি চিকিৎসাধীন হৈ আছিল ৷ পাঁচদিন পূৰ্বে তেখেতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে গুৱাহাটীৰ গণেশগুৰিস্থিত পলিক্লিনিকৰ আই.চি. ইউত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে নিশা মৃত্যুক সাৱটি লয় প্ৰাণজিতে ৷ উল্লেখ্য যে,এজন প্ৰতিভাৱান শৰীৰচৰ্চাবিদ হিচাপে নগাঁও জিলাত বিশেষভাৱে পৰিচিত আছিল প্ৰাণজিৎ ৰাজবংশী ৷ ইয়াৰোপৰিও তেখেতে 2005 চনত 'জুনিয়ৰ মিষ্টাৰ নগাঁও' খিতাপ অৰ্জন কৰিছিল ৷ লগতে 'মিষ্টাৰ মাজুলী'কে ধৰি ৰাজ্যৰ আগশাৰীৰ বিভিন্ন দেহশ্ৰী প্ৰতিযোগিতাত অংশ লৈ বিশেষ সুনাম কঢ়িয়াই আনিছিল প্ৰাণজিতে ৷ একেদৰে এজন সু-নিপুণ মঞ্চ অভিনেতা হিচাপেও বৃহত্তৰ বটদ্ৰৱা সমষ্টিত পৰিচিত আছিল তেওঁ । নগাঁও- মৰিগাঁও জিলাৰ বিভিন্ন মঞ্চত নিজৰ সাৱলীল অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল প্ৰাণজিতে । অভিনয় আৰু ক্ৰীড়াৰ সমান্তৰালভাৱে যুৱ কংগ্ৰেছৰ এজন সক্ৰিয় কৰ্মীৰূপে কৰ্ম সম্পাদন কৰি গৈছিল প্ৰাণজিতে ৷ ইপিনে শনিবাৰে তেখেতৰ নশ্বৰ দেহ বাংঠাই গাঁৱৰ বাসগৃহলৈ অনাৰ পিচত গাঁওবাসীৰ লগতে অনেক শুভাকাংক্ষী উপস্থিত হৈ শেষ শ্ৰদ্ধা নিৱেদন কৰে ৷ মৃত্যুৰ সময়ত তেখেতে পিতৃ, এগৰাকী 6 বছৰীয়া কন্যা, 5 মহীয়া পুত্ৰ সন্তান, পত্নী , জেষ্ঠ ভাতৃকে ধৰি অনেক ইষ্ট- কুটুম্বক ইহসংসাৰত এৰি থৈ যায় ৷ তেখেতৰ আকস্মিক বিয়োগত বেবেজীয়া প্ৰেছ ক্লাৱ , বটদ্ৰৱা প্ৰছ ক্লাৱ , সামাজিক অনুষ্ঠান সুহৃদকে, ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে ৷

Intro:নগাঁৱৰ প্ৰতিভাৱান শৰীৰ চৰ্চাবিদ- মঞ্চ অভিনেতা প্ৰাণজিৎ ৰাজবংশীৰ অকাল মৃত্যু ।
Body:নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী বাংঠাই গাঁৱৰ প্ৰতিভাৱান শৰীৰ চৰ্চাবিদ, মঞ্চ অভিনেতা তথা যুৱ কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী প্ৰাণজিৎ ৰাজবংশীৰ শুক্ৰবাৰ নিশা গুৱাহাটী এক ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ত মৃত্যু হোৱা খৱৰে গভীৰ শোকৰ ছাঁ পেলাইছে বৃহত্তৰ বটদ্ৰৱাত । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৬ বছৰ। বাংঠাই গাঁও নিৱাসী তথা অসম আৰক্ষীৰ প্ৰাক্তন জোৱান হৰেশ্বৰ ৰাজবংশীৰ কনিষ্ঠ পুত্ৰ প্ৰাণজিত বিগত এমাহ ধৰি যকৃতজনিত ৰোগত ভুগি চিকিৎসাধীন হৈ আছিল। পাঁচদিন পূৰ্বে তেখেতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে গুৱাহাটীৰ গণেশগুৰিস্থিত পলিক্লিনিকৰ আই.চি. ইউত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাতে শুক্ৰবাৰে নিশা মৃত্যুক সাৱটি লয় প্ৰাণজিতে।উল্লেখ্য যে,এজন প্ৰতিভাৱান শৰীৰচৰ্চাবিদ হিচাবে নগাঁও জিলাতে বিশেষভাৱে পৰিচিত আছিল প্ৰাণজিৎ ৰাজবংশী।তেখেতে ২০০৫ চনত 'জুনিয়ৰ মিষ্টাৰ নগাঁও' খিতাপ অৰ্জন কৰিছিল। আনহাতে,'মিষ্টাৰ মাজুলী'কে ধৰি ৰাজ্যৰ আগশাৰীৰ বিভিন্ন দেহশ্ৰী প্ৰতিযোগিতাত অংশ লৈ বিশেষ সুনাম কঢ়িয়াই আনিছিল প্ৰাণজিতে।একেদৰে এজন সু-নিপুণ মঞ্চ অভিনেতা হিচাপেও বৃহত্তৰ বটদ্ৰৱা সমষ্টিত পৰিচিত আছিল তেওঁ।নগাঁও- মৰিগাঁও জিলাৰ বিভিন্ন মঞ্চত নিজৰ সাৱলীল অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল প্ৰাণজিতে।অভিনয় আৰু ক্ৰীড়াৰ সমান্তৰালভাৱে যুৱ কংগ্ৰেছৰ এজন সক্ৰিয় কৰ্মীৰূপে কৰ্ম সম্পাদন কৰি গৈছিল প্ৰাণজিতে। শনিবাৰে তেখেতৰ নশ্বৰ দেহ বাংঠাই গাঁৱৰ বাসগৃহলৈ অনাৰ পিছত গাঁওবাসীৰ লগতে অনেক শুভাকাংক্ষী উপস্থিত হৈ শেষ শ্ৰদ্ধা নিৱেদন কৰে।মৃত্যুৰ সময়ত তেখেতে পিতৃ, এগৰাকী ৬ বছৰীয়া কন্যা,৫ মহীয়া পুত্ৰ সন্তান,পত্নী, জেষ্ঠ ভ্ৰ‍াতৃকে ধৰি অনেক ইষ্ট- কুটুম্বক ইহসংসাৰত এৰি থৈ যায়।তেখেতৰ আকস্মিক বিয়োগত বেবেজীয়া প্ৰেছ ক্লাৱ , বটদ্ৰৱা প্ৰছ ক্লাব সামাজিক অনুষ্ঠান সুহৃদকে, ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোকপ্ৰকাশ কৰিছে।_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.