ETV Bharat / state

পুতৌ লগা অৱস্থা চামগুৰিৰ নুৰুল হুছেইন ষ্টেডিয়ামৰ

গৰু-ছাগলীৰ চৰণীয়া পথাৰl পৰিণত হ'ল চামগুৰিৰ নুৰুল হুছেইন ষ্টেডিয়াম ৷ জহি-খহি যোৱাৰ উপক্ৰম হৈছে ষ্টেডিয়ামখনৰ পেভিলিয়ন(pavilion)সমূহ ৷

poor condition of nurul hussain stadium
পুতৌ লগা অৱস্থা চামগুৰিৰ নুৰুল হুছেইন ষ্টেডিয়ামৰ
author img

By

Published : Aug 24, 2021, 9:19 PM IST

চামগুৰি, 24 আগষ্ট : ৰাজ্যত আজিও আশা কৰিব পৰাকৈ ক্ৰীড়া আন্তঃগাঁঠনি গঢ়ি উঠা নাই ৷ ইয়াৰ মাজতে নগাঁও জিলাৰ চামগুৰিৰ এখন ষ্টেডিয়ামৰ বৰ্তমানৰ দুৰৱস্থাই ফোপোলা স্বৰূপ উদঙাইছে ৰাজ্য বিয়াগোম ক্ৰীড়া বিভাগৰ ৷ গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীসকলৰ ক্ৰীড়াৰ ক্ষেত্ৰত সম্ভাৱনাময় ভৱিষ্যতক লৈয়ে কোটি কোটি টকাৰ খৰচ কৰি চামগুৰি বাজিয়াগাঁৱত নিৰ্মাণ কৰা হৈছিল এই ষ্টেডিয়ামখন ৷

ষ্টেডিয়ামখনৰ বৰ্তমানৰ অৱস্থা জানিলে আপোনাৰ চকু কপালত উঠিব ৷ আপুনি ভাবিবলৈ বাধ্য হ'ব চৰকাৰৰ বিয়াগোম ক্ৰীড়া বিভাগটোৱে ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁঠনি মজবুত কৰিব পৰাকৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে ? যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলৰ স্পৃহা থকা যুৱক-যুৱতীয়ে একমান খেল পথাৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সেই সময়তে পুতৌ লগা অৱস্থাত পৰি ৰৈছে চামগুৰিৰ এই ষ্টেডিয়ামখন ৷

স্থানীয় লোকে সদৰি কৰা মতে, কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ কৰা হৈছিল এই ষ্টেডিয়ামখন ৷ সেই সময়ৰ প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনে তেখেতৰ দেউতাকৰ সোঁৱৰণত নুৰুল হুছেইন নামেৰে ষ্টেডিয়ামখনৰ নামাকৰণ কৰিছিল ৷ বাইচুং ভুটীয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল ষ্টেডিয়ামখন ৷

পুতৌ লগা অৱস্থা চামগুৰিৰ নুৰুল হুছেইন ষ্টেডিয়ামৰ

লগতে পঢ়ক: পশু-পালকৰ বাবে আহুকালহে হ’ল নেকি গো-সুৰক্ষা আইন ?

আচৰিত হ'ব ! কোটি কোটি ৰাজকোষৰ ধন খৰচ কৰি নিৰ্মাণ কৰা সেই নুৰুল হুছেইন ষ্টেডিয়ামখনেই বৰ্তমান সময়ত এখন গৰু-ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে ৷ পৰিত্যক্ত অৱস্থাত থকা ষ্টেডিয়ামখনক লৈ স্থানীয় লোকে কয়, ষ্টেডিয়ামখনৰ কাৰ্যালয় সম্পূৰ্ণৰূপে গৰু গোহালীত পৰিণত হৈছে ৷ জহি-খহি যোৱাৰ উপক্ৰম হৈছে ষ্টেডিয়ামখনৰ পেভিলিয়ন(pavilion) কেইটাও ৷

ইফালে, ইনডৰ ষ্টেডিয়ামখনৰো অৱস্থা অতি দুখলগা ৷ ইনডৰ ষ্টেডিয়ামখনৰ ভিতৰ চৰাত এতিয়া একাঁঠুলৈকে বোকা আৰু পানী ৷ ষ্টেডিয়ামখনৰ সৈতে যি বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হৈছিল সেই ব্যৱস্থাও এতিয়া বিচ্চিন্ন হৈ পৰিছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

উল্লেখ্য যে, চামগুৰি ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত লোকসকলে ষ্টেডিয়ামখনক খেলৰ উপযোগী কৰি তুলিবলৈ বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল ৷ কিন্তু আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ গতিকে এই ক্ষেত্ৰত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ক্ৰীড়া মন্ত্ৰী বিমল বৰাক ষ্টেডিয়ামখন পুনৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক: আৰক্ষীৰ দুৱাৰে দুৱাৰে 'ব্ৰইলাৰ’ ; কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.