ETV Bharat / state

শ্বেতা আগৰৱালা হত্যাকাৰীক ফাঁচীৰ ৰায়দানঃ আদালতৰ ৰায়ত আনন্দিত তদন্তকাৰী বিষয়া ৰ'জি কলিতা

জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে শ্বেতা আগৰৱালা হত্যাকাণ্ড সন্দৰ্ভত দিয়া ঐতিহাসিক ৰায়ত আনন্দিত তদন্তকাৰী বিষয়া তথা বৰ্তমানৰ নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জি কলিতা ৷ হত্যাকাৰীৰ পক্ষই বহু তথ্য আৰু প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ তদন্তকাৰী দলৰ তৎপৰতাত শ্বেতাৰ পৰিয়ালে অৱশেষত পালে ন্যায় ৷

author img

By

Published : Aug 3, 2019, 6:14 PM IST

Updated : Aug 3, 2019, 6:55 PM IST

আদালতৰ ৰায়ত আনন্দিত তদন্তকাৰী বিষয়া ৰজি কলিতা

নগাঁও,3আগষ্ট : শনিবাৰে শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ঐতিহাসিক ৰায় দিলে জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ৷ মূল অভিযুক্ত গোবিন্দ সিংঘালক ফাঁচিৰ লগতে গোৱিন্দৰ মাতৃ আৰু ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে আদালতে ৷ আদালতৰ এই ৰায়ত তদন্তকাৰী বিষয়া তথা বৰ্তমানৰ নগাওঁ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জি কলিতাই আনন্দিত হৈ সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷

আদালতৰ ৰায়ত আনন্দিত তদন্তকাৰী বিষয়া ৰজি কলিতা

উল্লেখ্য যে, 2017 চনৰ 4 ডিচেম্বৰত প্ৰেমিক গোৱিন্দ সিংহালে মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানী সিংগালৰ সৈতে নিজ গৃহতে শ্বেতাক হত্যা কৰি জুই লগায় দিছিল ৷ আৰক্ষীয়ে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰিছিল শ্বেতাৰ মৃতদেহ ৷ এই ঘটনাৰ পাছতে ৰাজ্যত সৃষ্টি হৈছিল চাঞ্চল্যৰ ৷ প্ৰেমিক গোৱিন্দক ফাঁচীৰ দাবী জনাইছিল মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ লগতে একাংশ জনসাধাৰণে ৷ ৰুজু হৈছিল গোচৰ,অব্যাহত আছিল তদন্ত ৷ মাত্ৰ দুই মাহ ১৩ দিনৰ ভিতৰতে আৰক্ষীয়ে গোচৰটোৰ অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল আৰু অভিযোগনামাৰ পৃষ্ঠাই-পৃষ্ঠাই আৰক্ষীয়ে সন্নিবিষ্ট কৰিছিল সংগ্ৰহ কৰা সকলো তথ্য ৷ হত্যাকাৰীৰ পক্ষই বহু তথ্য আৰু প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ তদন্তকাৰী দলৰ তৎপৰতাত ব্যৰ্থ হৈছিল সকলো ৷ অৱশেষত ২০১৭চনৰ ৪ডিচেম্বৰত সংঘটিত এই নৃশংস হত্যাকাণ্ডৰ ন্যায় পালে শ্বেতাৰ পৰিয়ালে ।

Intro:শ্বেতা আগৰৱালা হত্যাকাৰীক শাস্তি ঘোষণা কৰাত সুখী তদন্তকাৰী আৰক্ষী বিষয়া। হত্যাকাৰীয়ে চেষ্টা কৰিছিল তথ্য প্ৰমাণ নষ্ট কৰাৰ।

Body:মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাৰ হত্যাকাৰীৰ শাস্তি ঘোষণা কৰাৰ পিছতেই উৎফুল্লিত তদন্তকাৰী বিষয়া। হত্যাকাৰী গোবিন্দ সিংগালক মৃত্যুদণ্ড লগতে গোবিন্দৰ মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানী সিংগালক যাবজ্জীৱন কাৰদণ্ডৰ ৰায় দিয়ে কামৰূপ জিলা সত্ৰ ন্যায়ধীশৰ আদালতে। এই ৰায় প্ৰদানৰ পিছতেই গোচৰটোৰ তদন্তকাৰী বিষয়া তথা বৰ্তমানৰ নগাওঁ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজি কলিতাই এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। আদালতৰ এই ৰায়ে জনসাধাৰণৰ মাজত ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা অধিক বৃদ্ধি কৰিব বুলি মন্তব্য কৰে ৰজি কলিতাই। মাত্ৰ দুই মাহ ১৩ দিনৰ ভিতৰতে গোচৰটোৰ অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল আৰক্ষী। অভিযোগনামাৰ পৃষ্ঠাই পৃষ্ঠাই সন্নিবিষ্ট কৰিছিল আৰক্ষীয়ে সংগ্ৰহ কৰা তথ্য। হত্যাকাৰীৰ পক্ষই বহু তথ্য প্ৰমাণ নিষ্ট কৰাৰ চেষ্টাও কৰিছিল যদিও আৰক্ষীৰ তদন্তকাৰী দলৰ তৎপৰতাত ব্যৰ্থ হৈছিল।
bite. ৰজি কলিতা।
--------;;;;;;---------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৩-৮-১৯

Conclusion:
Last Updated : Aug 3, 2019, 6:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.