ধিং , 25 চেপ্তেম্বৰঃ দেওৰেকে ডেগাৰেৰে হানি হত্যা কৰে বৌয়েকক ৷ ঘটনাৰ স্থান নগাঁও জিলাৰ ধিঙৰ ভেৰভেৰী গাঁও ৷২১ ছেপ্তেম্বৰত হত্যাকাণ্ড সংঘটিত কৰি পলাতক অৱস্থাত আছিল হত্যাকাৰী চাহাব উদ্দিন ৷
ঘটনাৰ বিৱৰণী মতে, জিলাখনৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰি গাঁৱত নিশা নিজ ভাতৃ চাহাৱ উদ্দিনৰ পৰা প্ৰাপ্য ধন ৪০ হাজাৰ টকা বিচৰাত বাক-বিতণ্ডা আৰম্ভ হয় ভায়েক ফকৰুদ্দিনৰ সৈতে ৷ চোতালত দুই ককাই ভাইৰ মাজত কাজিয়া লাগি থকা অৱস্থাত ফকৰউদ্দিনৰ পত্নী তহিনা খাতুন ঘৰৰ পৰা বাহিৰলৈ ওলাই আহোঁতেই চাহাৱ উদ্দিনে বৌয়েক তহিনা খাতুনক ডেগাৰেৰে আক্ৰমণ কৰে ৷ লগে লগে ওচৰ চুবুৰীয়াই তহিনা খাতুনক সংকটজনক অৱস্থাত ধিং স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে ৷
অৱশেষত মঙ্গলবাৰে বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰৰ নেতৃত্বত এটি আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি ডুমডুমীয়াৰ ডুব্ৰামাৰী চাপৰিৰ পৰা চাহাব উদ্দিনক গ্ৰেপ্তাৰ কৰে ৷