ETV Bharat / state

একেটা দিনতে জখলাবন্ধা আৰক্ষীৰ জালত চতুৰ্থটো চোৰাংচিকাৰী

জখলবন্ধা আৰক্ষীৰ বৃহৎ সাফল্য । এটা দিনতে চাৰিটাকৈ চোৰাং চিকাৰী আটক কৰিলে জখলাবন্ধা আৰক্ষীয়ে । সোমবাৰে জখলাবন্ধা আৰু বুঢ়াপাহাৰত অভিযান চলাই তিনিটাকৈ চোৰাং চিকাৰী আটক কৰাৰ পিছত নগাঁৱৰ আমনিৰ পৰা আটক কৰে আন এটা চোৰাং চিকাৰীক ।

চোৰাংচিকাৰী বাহাৰুল ইছলামক আটক
চোৰাংচিকাৰী বাহাৰুল ইছলামক আটক
author img

By

Published : Apr 19, 2021, 10:37 PM IST

কলিয়াবৰ,১৯ এপ্ৰিল: সোমবাৰে জখলাবন্ধা আৰক্ষীয়ে আটক কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ পৰিকল্পনাৰ সৈতে জড়িত এটা চোৰাং চিকাৰী । নগাঁৱৰ আমনিৰ পৰা আৰক্ষীয়ে চোৰাং চিকাৰীটোক আটক কৰে । ধৃত চোৰাং চিকাৰীটো বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে বাহাৰুলৰ পৰা এ এচ ০২ জে ৪৪৯০ নম্বৰৰ এখন ডিস্ক’ভাৰ মটৰ চাইকেল জব্দ কৰে । একেটা দিনতে জখলাবন্ধা আৰক্ষীৰ জালত পৰা এইটো চতুৰ্থ চোৰাং চিকাৰী । সোমবাৰে জখলাবন্ধা আৰক্ষীয়ে জখলাবন্ধা আৰু বুঢ়াপাহাৰত অভিযান চলাই ৩টা চোৰাং চিকাৰী আটক কৰাৰ লগতে মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছিল ।

ধৃত চোৰাংচিকাৰীকেইটা নাগালেণ্ডৰ ডেনি ইয়প’থমি, ৰূপহীহাটৰ চাইদৰীয়াৰ আনোৱাৰ হুছেইন আৰু ৰূপহীহাটৰ ৯ নং কাঠপাৰাৰ ৰফিকুল ইছলাম । ধৃত চোৰাং চিকাৰীকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই আমনিৰ পৰা বাহাৰুল ইছলামক আটক কৰে ৷

লগতে পঢ়ক: মহানগৰীত মাস্ক নিপিন্ধা লোকক ১০০০ টকা পৰ্যন্ত জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.