নগাঁও, 3 ফেব্ৰুৱাৰীঃ বনৰীয়া ম'হ বধ কৰি বন বিভাগৰ জালত পৰিল দুই চোৰাং চিকাৰী । লাওখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ম'হ নিধন কৰা সন্দৰ্ভত গোচৰ ৰুজু কৰি নগাওঁ বন্যপ্ৰাণী সংমণ্ডলে আৰম্ভ কৰে তদন্ত । ঘটনাসন্দৰ্ভত বন বিভাগৰ লোকে লাঠিমাৰী চৰৰ পৰা আটক কৰে মহিদুল ইছলাম আৰু মুস্তফা কামাল নামৰ দুজন লোকক । ম'হ নিধনৰ ঘটনাত কেইবাজনো লোক জড়িত থকাৰ তথ্য লাভ কৰিছে বন বিভাগে । বনৰীয়া ম'হ নিধনৰ ঘটনাত জড়িত আটাইকেইজনৰ বিৰুদ্ধেই অব্যাহত ৰাখিছে অভিযান ।
আৰু পঢ়কঃ বুঢ়ীদিহিং নদীত অগ্নিকাণ্ড