ETV Bharat / state

Nagaon district day: নগাঁও জিলা দিৱস উপলক্ষে উখল মাখল নগাঁও চহৰ

author img

By

Published : Mar 27, 2023, 2:21 PM IST

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত উখল-মাখল নগাঁও চহৰ ৷ নগাঁও চহৰৰ মাজেৰে জিলা প্ৰশাসনৰ উদ্যোগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন । জিলাখনৰ সকলোৱে একেলগে উদযাপন কৰিছে নগাঁও জিলা দিৱস ( Nagaon district day) ।

Nagaon district day
নগাঁও জিলা দিৱস উদযাপন

নগাঁও জিলা দিৱস উদযাপন

নগাঁও, 27 মাৰ্চ : সোমবাৰে ১৯০ বছৰীয়া হ'ল নগাঁও জিলা । ১৮৩৩ চনৰ ২৭ মাৰ্চতে জিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল নগাঁৱে (When was Nagaon district established) ৷ সোমবাৰে প্ৰথমবাৰৰ বাবে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও জিলা দিৱস উদযাপন কৰা হৈছে ( Nagaon district day) । সোমবাৰৰ দিনটোত সন্ধিয়া নগাঁৱৰ প্ৰতিঘৰ মানুহকে এগছি বন্তি প্ৰজ্বলনৰ আহ্বান জনাইছে জিলা উপায়ুক্তই ৷ দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ’ব নগাঁও জিলা দিৱস ৷ এই দিৱসৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে ।

প্ৰথম কাৰ্যসূচী অনুযায়ী সোমবাৰে পুৱাই নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা ( Nagaon district celebrating Nagaon district day) । পুৱা নগাঁও আৰক্ষী ছাউনিৰ খেলপথাৰৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক দলৰ লগতে অনুষ্ঠান, প্ৰতিষ্ঠান, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে (Nagaon district day cultural rally) । সাংস্কৃতিক শোভাযাত্ৰাত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱাসহ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে (Nagaon DC at district day celebration ) ।

পৰৱৰ্তী কাৰ্যসূচী মতে নৃত্য, কুইজ আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব । নগাঁও জিলা দিৱস উপলক্ষে সন্ধিয়া জিলাখনৰ প্ৰতিঘৰ পৰিয়ালক এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । নগাঁও জিলা দিৱস উপলক্ষে সন্ধিয়া অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া । গীতে-মাতে জীপাল হ'ব নগাঁও । জিলাখনৰ ইতিহাস সমৃদ্ধ তথ্য চিত্ৰও বিয়লি ভাগত মুকলি কৰিব জিলা প্ৰশাসনে (about Nagaon district) ।

উল্লেখযোগ্য যে, নগাঁও জিলা দিৱস উপলক্ষে ইতিমধ্যে জিলা দিৱসৰ থিম ছং মুকলি কৰা হৈছে । মুঠৰ ওপৰত নগাঁও জিলা দিৱস উপলক্ষে উখল মাখল হৈ পৰিছে সমগ্ৰ নগাঁও (Nagaon district news)।

লগতে পঢ়ক: Sonowal Kachari Youth Festival: ডিব্ৰুগড়ত পাঁচ হাজাৰ নাচনীয়ে একেলগে নাচিলে লেচেৰী নৃত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.