ETV Bharat / state

Bhaona Performed: কলিয়াবৰত পাৰিজাত হৰণ নাটক প্ৰদৰ্শন - কলিয়াবৰত পাৰিজাত হৰণ নাটক প্ৰদৰ্শন

কলিয়াবৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ সৃষ্টিৰাজিৰ প্ৰতি নৱ-প্ৰজন্মক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে ব্যতিক্ৰমী পদক্ষেপ । 'বংশধৰ' নামৰ অনুষ্ঠানটোৱে অনুষ্ঠিত কৰে 'নাটবৰ নাটকম' শীৰ্ষক অনুষ্ঠান । পৰিৱেশন কৰা হয় পাৰিজাত হৰণ নাটক ।

Parijat Haran Bhaona Performed in Kaliabor
কলিয়াবৰত পাৰিজাত হৰণ নাটক প্ৰদৰ্শন
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 2:32 PM IST

কলিয়াবৰত পাৰিজাত হৰণ নাটক প্ৰদৰ্শন

কলিয়াবৰ,২৬ অক্টোবৰ: সাংস্কৃতিক ক্ষেত্ৰখনৰ এক চিনাকী স্থান কলিয়াবৰ । সত্ৰীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত অশেষ কষ্ট স্বীকাৰ কৰি আহিছে কলিয়াবৰৰ একাংশ সাংস্কৃতিকপ্ৰমী ৰাইজে । ভাওনা সংস্কৃতিক প্ৰজন্মৰ পাছত প্ৰজন্মক চিনাকী কৰাই দিয়াত কৰা কোনো কৃপণালি । সমান্তৰালভাৱে কলিয়াবৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ সৃষ্টিৰাজিৰ প্ৰতি নৱ-প্ৰজন্মক আগ্ৰহ আৰু সমাদৰ সৃষ্টি কৰা, জগত সভাত প্ৰতিষ্ঠা কৰাৰ মহান উদ্দ্যশ্যেৰে 'বংশধৰ' নামৰ অনুষ্ঠানটোৱে অনুষ্ঠিত কৰে 'নাটবৰ নাটকম' শীৰ্ষক অনুষ্ঠান ।

কলিয়াবৰৰ ভিঞাৰী গাঁৱৰ কীৰ্ত্তন গৃহত বংশধৰৰ প্ৰশিক্ষাৰ্থীসকলৰ অভিনয়ৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত 'পাৰিজাত হৰণ' ভাওনা প্ৰদৰ্শন কৰা হয় । তদুপৰি, 'নাটবৰ নাটকম'তে 'বংশধৰ বঁটা' আৰু 'বংশধৰ যুৱ বঁটা প্ৰদান কৰা হয় । মুখ্যতঃ মহিলা কুশীলৱৰ দ্বাৰা মঞ্চস্থ হোৱা অংকীয়া নাটখনে দৰ্শকৰ মাজত সমাদৰ লাভ কৰা পৰিলক্ষিত হয় । অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধদেৱৰ আদৰ্শৰে প্ৰতিষ্ঠিত সত্ৰীয়া স‌ংস্কৃতিৰ চৰ্চা আৰু প্ৰশিক্ষণ অনুষ্ঠান বংশধৰে প্ৰথম বাৰ্ষিক অংকীয়া নাট মহোৎসৱ নটবৰ নাটকম শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে ।

২৫ অক্টোবৰ তাৰিখে উক্ত অনুষ্ঠানতে গুৰু দুজনাৰ অংকীয়া নাটৰ এখনি পৰ্যালোচনামূলক আলোচনা চক্ৰ অনুষ্ঠিত হয় আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত পাৰিজাত হৰণ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত অৰ্জুন ভঞ্জন দুখন অঙ্কীয়া নাট বংশধৰৰ শিক্ষাৰ্থীৰ দ্বাৰা পৰিৱেশন কৰে । কলিয়াবৰৰ ভিঞাৰী নামঘৰত হোৱা এই অনুষ্ঠানতে বংশধৰ বঁটা আৰু বংশধৰ যুৱ বঁটা প্ৰদানৰ লগতে কলিয়াবৰৰ বিশেষভাৱে সত্ৰীয়া সংস্কৃতিলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনায় ।

লগতে পঢ়ক: Bhaona Samaroh at Tiloinagar : মৰাণৰ তিলৈনগৰত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন ভাওনা সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.