ETV Bharat / state

অসম চাহ জনজাতি ছাত্র সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী - অসম চাহ জনজাতি ছাত্র সন্থা

ৰাজ্যৰ ভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম্য প্ৰতিদিনে বৃদ্ধি পাইছে । অতিৰিক্ত বোজা লৈ একাংশ ডাম্পাৰে চলোৱা দৌৰাত্ম্যকলৈ অতিষ্ঠ হৈ পৰিছে পথচাৰী তথা সাধাৰণ নাগৰিক । শেহতীয়াকৈ চামগুৰিৰ আমনিৰ পৰা শালনা সংযোগী পথছোৱাত বৃদ্ধি পোৱা শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যক লৈ অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ (Overload dumper running at high speed) ৷

overload-dumper-running-at-high-speed-at-samaguri-in-nagaon
অসম চাহ জনজাতি ছাত্র সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Sep 1, 2022, 2:18 PM IST

চামগুৰি, 1 চেপ্তেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ চামগুৰিতো বৃদ্ধি পাইছে একাংশ ডাম্পাৰৰ দৌৰাত্ম্য ৷ সাধাৰণ নাগৰিকৰ জীৱন দূৰ্বিসহ কৰি তোলা এই ডাম্পাৰসমূহক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ ব্যৰ্থতাই জনসাধাৰণক অতিষ্ঠ কৰি তোলা পৰিলক্ষিত হৈছে (Overload dumper running at high speed) ৷ শেহতীয়াকৈ চামগুৰিৰ আমনিৰ পৰা শালনা সংযোগী পথছোৱাত বৃদ্ধি পাইছে শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ৷ এই লৈ অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ (Over loading Dumper news) ৷

বৃহস্পতিবাৰে অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আমনিৰ আমলখিত বহুকেইখন শিল কঢ়িওৱা ডাম্পাৰ আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (ATSA protest at Samaguri) ৷ ইফালে অতিমাত্ৰা শিল কঢ়িওৱা ডাম্পাৰসমূহ চলাচল কৰি থকাৰ ফলত আমনিৰ পৰা শালনা সংযোগী পথছোৱাৰ অৱস্থা ক্ৰমশঃ তথৈবচ হৈ পৰিছে ( Poor condition of road) ৷ যাৰ বাবে নিতৌ জমৰ যান্ত্ৰণা ভোগ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰী, গৰ্ভৱতী মহিলা, বৃদ্ধ-বণিতাকে ধৰি সৰ্বসাধাৰণ ৰাইজে ।

অসম চাহ জনজাতি ছাত্র সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী

চৰকাৰে বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে যেন সকাহ প্ৰদান কৰে অঞ্চল বাসীক তাৰেই দাবী উত্থাপন কৰিছে সংগঠনটোৱে ৷ অন্যথা আগন্তুক দিনত জংগী আন্দোলনৰ বাবে চৰকাৰক প্ৰস্তুত থাকিবলৈ হুংকাৰ প্ৰদান কৰিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ৷

লগতে পঢ়ক: বঙাইগাঁৱত ডাম্পাৰৰ দৌৰাত্ম্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.