ETV Bharat / state

Ayushman Bharat Yojana: নগাঁৱৰ ১৩ লক্ষাধিক লোকে লাভ কৰিব আয়ুষ্মান ভাৰতৰ কাৰ্ড

author img

By

Published : Feb 9, 2023, 11:07 AM IST

নগাঁৱৰ ৰেচন কাৰ্ড থকা পৰিয়ালৰ ১৩ লাখ ৫১ হাজাৰ ৫০৪ গৰাকী লোকে লাভ কৰিব আয়ুষ্মান ভাৰতৰ কাৰ্ড। জন আৰোগ্য যোজনাৰ অধীনৰ চিকিৎসালয়ত এই কাৰ্ডৰ জৰিয়তে ৫ লাখ টকালৈকে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা (Ayushman Bharat card) ।

More than 1.3 million people will get Ayushman cards in Nagaon
আয়ুষ্মান ভাৰতৰ কাৰ্ড লাভ কৰিব নগাঁওবাসীয়ে

নগাঁও, 9 ফেব্ৰুৱাৰী: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ বাবে বহুকেইখন জনকল্যানমূলক আঁচনি গ্ৰহণ কৰিছে । এই আঁচনি সমূহৰ ভিতৰত এখন অন্যতম আঁচনি হৈছে "আয়ুষ্মান ভাৰত যোজনা" আঁচনি (Ayushman Bharat Yojana)।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে দেশৰ দৰিদ্ৰ পৰিয়ালক বিনামূলীয়াকৈ তথা উন্নত চিকিৎসা প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আৰম্ভ কৰিছে এই আয়ুষ্মান ভাৰত যোজনা (Pradhan Mantri Jan Arogya Yojana)।

বহু সময়ত ধনৰ অভাৱত দৰিদ্ৰ লোকে সু চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ যাৰ ফলত বহুলোক মৃত্যুমুখত পৰিবলগীয়াও হয় ৷ সেয়াহে, কেন্দ্ৰীয় চৰকাৰে দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে ৰূপায়ণ কৰিছে এই আঁচনি ৷ এই আঁচনিখনৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক চিকিৎসালয়ত ৫ লাখ টকালৈকে চিকিৎসা সেৱা প্ৰদান কৰা হয় । এই আঁচনিখন দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ৰূপায়িত হৈ আহিছে ৷

অসমৰ ভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত (PMJAY) আয়ুষ্মান ভাৰত কাৰ্ড উপলব্ধ কৰিবলৈ পঞ্চায়তসমূহৰ লগতে ৱাৰ্ড সমূহতো এই কাৰ্ড বনোৱাৰ ব্যৱস্থা কৰা হৈছে । একেদৰে নগাঁৱৰ পঞ্চায়তসমূহৰ লগতে ৱাৰ্ডসমূহতো এই কাৰ্ড বনোৱাৰ ব্যৱস্থা কৰা হৈছে (Ayushman Card in Nagaon) । এই কাৰ্ড, ৰেচন কাৰ্ড প্ৰাপ্ত হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যৰ বাবে উপলব্ধ ।

আয়ুষ্মান ভাৰত কাৰ্ডত আবেদন কৰিবলৈ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু আবেদনকাৰী গৰাকীৰ এটি সক্ৰিয় মোবাইল নম্বৰৰ প্ৰয়োজন । জিলা অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) প্ৰশান্ত বৰুৱাই জানিব দিয়া মতে জিলাখনৰ তিনি(৩) লাখ আঠ(৮) হাজাৰ এক(১) শ ৰেচন কাৰ্ড থকা পৰিয়ালৰ ১৩ লাখ ৫১ হাজাৰ ৫০৪ গৰাকী সদস্যক এই আয়ুষ্মান কাৰ্ড প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে ।

উল্লেখযোগ্য যে, এই আয়ুষ্মান ভাৰত কাৰ্ডৰ আবেদন সম্পূৰ্ণ বিনামূলীয়া । জিলা প্ৰশাসনে ৰেচন কাৰ্ড প্ৰাপ্ত হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অহা ৩১ মাৰ্চৰ ভিতৰত তেওঁলোকৰ নিকটৱৰ্তী পঞ্চায়ত আৰু ৱাৰ্ডত গৈ আশাকৰ্মী বা বেংকসখী বা বীমাসখী বা ডিজিপে সখীৰ লগত যোগাযোগ কৰি এই আয়ুষ্মান ভাৰত কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আহ্বান জনোৱাৰ লগতে এই কাৰ্ড বনোৱাৰ সময়ত কিবা বিসংগতি পালে তৎক্ষণাত জিলা প্ৰশাসনক অৱগত কৰাৰ কথা উল্লেখ কৰিছে । এনে ক্ষেত্ৰত জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে জানিব দিয়ে ।

লগতে পঢ়ক: এন এফ এছ এ হিতাধিকাৰীৰ বছৰি ৫ লাখ টকালৈ চিকিৎসা ব্যয় বহন কৰিব চৰকাৰে : স্বাস্থ্য মন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.