ধিং,10 চেপ্টেম্বৰ: ধিঙৰ টুকটুকিত প্ৰচণ্ড মাৰপিটত প্ৰাণ গ'ল এজন নিৰীহ বৃদ্ধৰ । বৃদ্ধ লোকজনৰ নাম আব্দুল গফুৰ । প্ৰাপ্য টকা বিচাৰি যাওতেই সংঘটিত হয় এই ঘটনা । নিহত আব্দুল গফুৰৰ ভতিজা বোৱাৰীয়ে ধাৰলৈ দিয়া টকা বিচাৰি যাওতেই প্ৰথমে অশ্লীল গালি আৰু পিছত মাৰপিট আৰম্ভ কৰে। বোৱাৰী গৰাকীয়ে চিঞৰ বাখৰ কৰাত আব্দুল গফুৰসহ পৰিয়ালৰ কেইজনমান লোক ঘটনাস্থলীলৈ দৌৰি যায়। লগে লগে আব্দুল মতিন ওৰফে কচাইসহ দহ বাৰ জনীয়া দলটোৱে আব্দুল গফুৰ আৰু পৰিয়ালটোক চৰ,ঘোচা আৰু লাঠিৰে মাৰপিট কৰি শিশু মহিলা সহ ছয়জনকৈ লোক আহত হোৱাৰ লগতে আব্দুল গফুৰৰ নামৰ বৃদ্ধ লোকজনৰ থিতাতে মৃত্যু হয়। ইতিমধ্যে ঘটনাস্থলীত আহোম গাওঁ উপ আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰি তদন্ত আৰম্ভ কৰিছে । সম্প্ৰতি আব্দুল মতিন ওৰফে কচাইসহ সহযোগী দলটো পলাতক অৱস্থাত আছে। এই ঘটনাই সমগ্ৰ টুকটুকি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ধিঙত প্ৰচণ্ড মাৰপিটত প্ৰাণ গ'ল নিৰীহ বৃদ্ধৰ - ধিঙৰ টুকটুকি
ধিঙৰ টুকটুকিত প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ ধাৰে লোৱা ধনক লৈ এই সংঘাত ৷ নিৰীহ বৃদ্ধৰ মৃত্যুৰ লগতে শিশু-মহিলাসহ ছয়জনকৈ লোক আহত,সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি ৷ বৃদ্ধ লোকজনৰ নাম আব্দুল গফুৰ ৷