কলিয়াবৰ,21 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ মঙলবাৰৰ দিনটো নগাঁৱৰ কলিয়াবৰত ক'ভিড আক্ৰান্তৰ সংখ্যা 22 জনলৈ বৃদ্ধি পায় ৷ শেহতীয়াভাৱে কলিয়াবৰত 19 গৰাকী লোক ক'ভিড আক্ৰান্ত হোৱাৰ পাচতে মঙলবাৰে পুনৰ 4 গৰাকী লোকৰ দেহত ধৰা পৰে ক'ৰণাৰ উপস্থিতি ৷
কলকাতাৰ পৰা শিলঘাটলৈ ৰে'ল যোগে অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাত ধৰা পৰে ক'ৰণাৰ উপস্থিতি ৷ একেখন ৰে'লতে অহা 3 গৰাকী লোক আক্ৰান্ত হোৱাত আটাইকেইজনকে স্বাস্থ্য বিভাগে হোম আইচ'লেচনত ৰখাৰ ব্যৱস্থা কৰিছে ৷ আক্ৰান্ত হোৱা লোক কেইজন হ'ল ৱাহিদুৰ ইছলাম, বিহাৰৰ পৱন ৰায় আৰু ঝাৰখণ্ডৰ সুনন্দা কুমাৰী ৷ ইয়াৰে পৱন ৰায় আৰু সুনন্দা কুমাৰী সীমা সশস্ত্ৰ বলত যোগদান কৰাৰ উদ্দেশ্য তেজপুৰলৈ অহাৰ সময়তে আক্ৰান্ত হয় ৷
ইফালে, কলিয়াবৰৰ কুঁৱৰীটোল ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটো এগৰাকী লোকৰ দেহত ধৰা পৰে ক'ৰণাৰ উপস্থিতি ৷ গোমোঠা গাঁৱৰ ধ্ৰুৱজ্যোতি বৰা নামৰ লোকজন আক্ৰান্ত হোৱাত লোকজনক হোম আইচ'লেচনত থকাৰ পৰামৰ্শ প্ৰদান কৰে স্বাস্থ্য বিভাগে ৷ তদুপৰি কলিয়াবৰৰ চুলুঙৰ মানৱ ধৰ্ম সেৱা আশ্ৰমত তিনিগৰাকীকৈ মহিলাৰ দেহত ক'ৰণাৰ উপস্থিতি ধৰা পৰে ৷ তিনিও গৰাকী মহিলা হৰিদ্বাৰ প্ৰেমনগৰ আশ্ৰমৰ আধ্যাত্মিক যোগ শিবিৰত ভাগ লৈ উভতি অহাৰ পাচতে আক্ৰান্ত হয় ৷ সম্প্ৰতি মহিলা কেইগৰাকী চুলুংস্থিত আশ্ৰমখনতে হোম আইচ'লেচনত আছে ৷