ETV Bharat / state

Election at Samguri College : মনোনয়ন দাখিলৰ দিন পিছুৱালে নিৰ্বাচন পৰিচালনা সমিতিয়ে

author img

By

Published : Dec 18, 2021, 12:09 PM IST

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ চামগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন (Election at Samguri College) ৰ মনোনয়ন দাখিলৰ সময়সীমা বৃদ্ধি কৰিলে (Nomination date extended of Samguri Collage election) নিৰ্বাচন পৰিচালনা সমিতিয়ে ৷

Samaguri Collage election
চামগুৰি মহাবিদ্যালয়ৰ নিৰ্বাচন

চামগুৰি, 18 ডিচেম্বৰ : ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাচতেই যেন গা লৰিল চামগুৰি মহাবিদ্যালয় কৰ্তৃপক্ষৰ । নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰি মহাবিদ্যালয়ৰ নিৰ্বাচন পৰিচালনা সমিতিয়ে ছাত্ৰৰ পৰা সংগ্ৰহ কৰা মাচুল কমোৱা তথা এই বিষয়ত পুনৰ বিবেচনা কৰি চাবৰ বাবে মনোনয়ন দাখিলৰ সময়সীমা বৃদ্ধি (Nomination date extended of Samguri Collage election) কৰিলে ৷

চামগুৰি মহাবিদ্যালয়ৰ নিৰ্বাচন

উল্লেখ্য যে, 21 ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল চামগুৰি মহাবিদ্যালয় (Election at Samguri College) ৰ ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি মহাবিদ্যালয়খনত নিৰ্বাচন পৰিচালনা সমিতি আৰু শিক্ষাৰ্থীৰ মাজত কিছু মতানৈক্য হোৱা পৰিলক্ষিত হৈছিল ৷ মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অবৈধভাৱে ধন সংগ্ৰহ কৰাৰো উঠিছিল অভিযোগ (Allegations of extortion at Samguri College) ৷

বৃহস্পতিবাৰে বিয়লি 3 বজালৈকে আছিল মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷ কিন্তু মহাবিদ্যালয় কৰ্তৃপক্ষই বিয়লি 3.40 বজাতহে মনোনয়ন দাখিলৰ ম্যাদ বৃদ্ধি কৰাত অসন্তুষ্টি প্ৰকাশ কৰে শিক্ষাৰ্থীসকলে ৷

বৃদ্ধি হ’ল চামগুৰি মহাবিদ্যালয়ৰ আগন্তুক ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সময়সীমা

ইতিমধ্যে মহাবিদ্যালয়খনত NSUI ৰ প্ৰায় 13 জন প্ৰাৰ্থীয়ে নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে ৷ ইয়াৰ বিপৰীতে অন্য ছাত্ৰ সংগঠনৰ পৰা এখনো মনোনয়ন দাখিল কৰা হোৱা নাই বুলি NSUI প্ৰাৰ্থীসকলে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । নিৰ্ধাৰিত সময় মতে মনোনয়ন দাখিল কৰিব নোৱাৰাৰ বাবেই বাহিৰৰ ব্যক্তি তথা ৰাজনৈতিক দলৰ কৰ্মী মহাবিদ্যালয়ত প্ৰৱেশ কৰি মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে গোপন বুজাবুজি কৰাৰো অভিযোগ তোলে একাংশ ছাত্ৰই ৷

লগতে পঢ়ক : Election at Samguri College : নিৰ্বাচন পৰিচালনাৰ নামত ধন সংগ্ৰহৰ অভিযোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.