নগাওঁ, 26 ছেপ্টেম্বৰঃ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰসংগ এইবাৰ উচ্চ ন্যায়ালয়ৰ মজিয়াত। নগাঁৱৰ গোপীনাথ দেৱগোস্বামী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ দুই ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠনৰ মাজত আৰম্ভ হৈছে অৰিয়াঅৰি । ২১ চেপ্টেম্বৰত অনুষ্ঠিত হোৱা মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদত এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থী বিজয়ী হোৱাৰ পিছতেই পুনৰ ভোট গণনাৰ দাবী উত্থাপন কৰিছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থী পৰাজিত হৈছিল যদিও ভোট গণনা স্বচ্ছ নোহোৱাৰ অভিযোগ কৰিছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। মহাবিদ্যালয় কৰ্তৃপক্ষয়ো পুনৰ ভোট গণনাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এন এছ ইউ আইৰ সমৰ্থিত সভাপতি পদৰ বিজয়ী প্ৰাৰ্থী আব্দুল আজিজে পুনৰ ভোট গণনা অনুষ্ঠিত নকৰিবলৈ আবেদন জনাইছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত। সেই মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ ভোটগণনা বাতিল কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰে।
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত মহাবিদ্যালয় কতৃপক্ষই পুনৰ ভোট গণনা বাতিল কৰাৰ পিছত বুধবাৰে মহাবিদ্যালয়ৰ সন্মুখত উপস্থিত হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য। পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকাত মহাবিদ্যালয়খনত মোতায়েন কৰা হয় আৰক্ষী । ইপিনে এই ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি মন্তব্য কৰে সংবাদ মাধ্যমত ।