নগাঁও, 12 নৱেম্বৰ : ক'ভিড সৃষ্ট পৰিৱেশ, দণ্ডাধীশৰ বদলি আদি বিভিন্ন কাৰণত পলমকৈ হ’লেও শেহতীয়াকৈ চূড়ান্ত ৰায়ৰ দিশে আগবাঢ়িছে দেশ কঁপোৱা নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । ক'ভিড 19 ৰ দ্বিতীয় ঢৌৰ পিছত নগাঁও আদালতত পুনৰ আৰম্ভ হৈছে গোচৰটোৰ শুনানি । শুক্ৰবাৰেও নগাঁও আদালতত শুনানি গ্ৰহণ কৰা হয় ডকমকা কাণ্ডৰ গোচৰৰ ।
শুক্ৰবাৰে গোচৰটোৰ তদন্তকাৰী আৰক্ষী বিষয়াৰ লগতে ফৰেঞ্চিকৰ বৈজ্ঞানিক বিষয়া উপস্থিত হয় নগাঁও আদালতত । নগাঁও আদালতত দীর্ঘ সময় সাক্ষ্যগ্ৰহণ কৰা হয় ফৰেঞ্চিকৰ বৈজ্ঞানিক বিষয়াৰ । কাৰ্বি আংলং জিলাৰ ডকমকাত গুৱাহাটীৰ দুই যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে জব্দ কৰা অস্ত্ৰ সন্দৰ্ভত আদালতত ফৰেঞ্চিক পৰীক্ষাগাৰে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত সাক্ষ্যদান কৰে এগৰাকী ফৰেঞ্চিক বৈজ্ঞানিক মহিলা বিষয়াই ।
ফৰেঞ্চিকৰ বৈজ্ঞানিক বিষয়াগৰাকীয়ে সম্পূৰ্ণ সত্য প্ৰতিবেদনৰ লগতে সাক্ষ্যদান কৰা বুলি উল্লেখ কৰে নীল-অভিৰ দুই পিতৃয়ে । নিলোৎপল, অভিজিতৰ হত্যাকাণ্ডত অভিযুক্তই শিলগুটিৰ লগতে দা লাঠিও ব্যৱহাৰ কৰা বুলি আদালতে প্ৰমাণ লাভ কৰাৰ কথা উল্লেখ কৰিলে নীল-অভিৰ পিতৃয়ে । অৱশ্যে তদন্তৰ খাতিৰত ফৰেঞ্চিক বৈজ্ঞানিক বিষয়াগৰাকীয়ে সংবাদমাধ্যমৰ আগত বিশেষ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷
লগতে পঢ়ক : INDO CHINA BORDER CONFLICT : কেনেদৰে সাজু হৈছে ভাৰতীয় জোৱান ?
বিভিন্ন কাৰণত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া পলম হ’লেও অতি কম সময়ৰ ভিতৰত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চূড়ান্ত হ'ব বুলি আশাবাদী নীলোৎপল, অভিজিতৰ পিতৃও । নীল-অভিৰ গোচৰটোৰ সন্দৰ্ভত ৬৯ গৰাকী সাক্ষীৰ ইতিমিধ্যেই ফৰেঞ্চিক বিষয়াসহ ৬১ জন সাক্ষীয়ে সাক্ষ্যদান কৰে নগাঁও আদালতত । প্ৰতিজন অসমীয়াই চূড়ান্ত শাস্তি কামনা কৰা নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ এমাহত চাৰিটাকৈ শুনানি বিচাৰিছে দুৰ্ভগীয়া দুই পৰিয়ালে ।
উল্লেখযোগ্য যে, সেউজীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ ২০১৮ চনৰ ৮ জুন তাৰিখে কেইটামান নৰ পিশাসৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই প্ৰতিভাৱান যুৱক - নিলোৎপল দাস আৰু অভিজিত নাথে । 2018 বৰ্ষৰ পৰা বৰ্তমানলৈকে চলি আছে বিচাৰ প্ৰক্ৰিয়া ৷ এতিয়া কেৱল অপেক্ষা গোচৰটোৰ শেষ ৰায়দানলৈ । প্ৰশ্ন মাথো এটাই, কি হ'ব দেশ কপোৱা নীল-অভি হত্যাকাণ্ডত জড়িত দোষীৰ শাস্তি ?
লগতে পঢ়ক : নগাঁৱত মহিলাৰ ধন আত্মসাতৰ ফন্দি কোন বিত্তীয় প্ৰতিষ্ঠানৰ ?