ETV Bharat / state

আগতে দলং তাৰ পিচতহে ভোটঃ নাচোৰবান্দা নগাঁৱৰ কচুৱাৰ সাতলুঙাবাসী - নগাঁঁও

আধৰুৱা হৈ থকা দলং সম্পূৰ্ণ কৰিলেহে ভোট দিব ৰাইজে

চৰকাৰ পৰিবৰ্তন হ'ল কিন্তু পৰিবৰ্তন নহ'ল ৰাইজৰ সমস্যা
author img

By

Published : Mar 25, 2019, 3:06 PM IST

নগাঁও, 25 মাৰ্চঃলোকসভা নিৰ্বাচন সমাগত যদিও নগাঁও জিলা ৰহা সমষ্টিৰ এখন বাঁহৰ দলঙে জীয়াতু ভুগাইছে গাঁওবাসীক ৷ গুৰুত্বপূৰ্ণ কথা যে নগাঁও সাংসদীয় সমষ্টিৰ প্ৰাৰ্থীৰ সন্মুখত বিশখনকৈ গাঁৱৰ দুৰ্ভগীয়া ৰাইজৰ অভাৱ অভিযোগ৷ ৰহা সমষ্টিৰ এই গাঁওখনত আছে মাথো এখন বাঁহৰ দলং ৷ আৰু এই দলঙখনেই হৈ পৰিছে 10 খন গাঁৱৰ যাতায়তৰ একমাত্ৰ ভৰষা | কিন্তু গাৱঁলৈ আহিব নোৱাৰে 108 এম্বোলেন্স |

চৰকাৰ পৰিবৰ্তন হ'ল কিন্তু পৰিবৰ্তন নহ'ল ৰাইজৰ সমস্যা

উল্লেখ্য যে দলঙখনৰ ওপৰেদিয়ে নিৰ্বাচনৰ সময়ত পাৰ হৈ ভোট বিচাৰি আহে জনপ্ৰতিনিধি সকলে | নিৰ্ব্বাচনৰ সময়ত গঞা ৰাইজৰ হাতত ধৰি খুপি খুপি পাৰ হৈছিল ৰহা সমষ্টি বিধায়ক ডিম্বেশ্বৰ দাস । ভোট বিচাৰি আহোতে মৰণফাণ্ড সদৃশ দলংৰ পৰা তললৈ পৰি যোৱাৰ পৰা কথমপি ৰক্ষা পৰিছিল দাস | পিচেগঞা ৰাইজক প্ৰতিশ্ৰুতিও দিছিল বিধায়ক হলে দলং খন নিৰ্মাণকৰি দিব তেওঁ । কিন্তু বিধায়ক নিৰ্বাচিত হোৱাৰ পিচতেজনপ্ৰতিনিধিয়ে পাহৰি গ'ল সকলো ।ৰাইজে দলং বিচাৰি যাওতে উভতি গাঁৱবাসীকেই সুধিলে পোন্ধৰবছৰে কি কৰি আছিলে ?

বছৰ বছৰ ধৰি চৰকাৰৰ প্ৰতাৰণাৰ বলি হোৱা নগাওঁৰ ৰহা সমষ্টিৰ কচুৱাৰ সাতলুঙাবাসীয়ে ক্ষোভত চৰকাৰলৈ বাট নাচাই নিজৰ গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণকৰিছে এখন পকীদলং তথাপিও সম্পূৰ্ণ কৰিব নোৱাৰিলে দলঙখন | বাঁহৰ দলংখন জৰাজীৰ্ণ হোৱাৰবাবে গাঁৱৰ ৰাইজে পুনৰ নিৰ্মাণকৰিছে এখন বাঁহৰ দলং | সেয়েহে এইবাৰ গাঁৱৰ ৰাইজে সিদ্ধান্ত ল'লে যিজন জনপ্ৰতিনিধিয়ে আধৰুৱা হৈ থকা দলংখন সম্পূৰ্ণ কৰিব তেওঁকহে ভোট দিয়া হ'ব |

Intro:Anchor= লোকসভা নিৰ্ব্বাচন সমাগত। নগাঁও সংসদীয় সমষ্টিৰ প্ৰাৰ্থীৰ সন্মুখত বিশ খনকৈ গাঁৱৰ দুৰ্ভগীয়া ৰাইজ। বিধান সভা নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিওঁ প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে বিধায়ক ডিম্বেশ্বৰ দাসে।Body:Vo = চৰকাৰ পৰিবৰ্তন হ'ল কিন্তু পৰিবৰ্তন নহ'ল ৰাইজৰ সমস্যা | নগাঁও জিলা ৰহা সমষ্টি এখন বাঁহৰ দলঙে জিয়াতু ভুগাইছে গাৱৰ বাসীক | এই দলংখন আছে কচুৱা সাত লুংগা লুতুমাৰি নৈ ওপৰত | বাঁহৰ দলং খনেই হৈছে ১০ খন গাৱৰ যাতায়তৰ স্থল | বেমাৰ হ'লে গাৱৰ লৈ আহিবৰ নোৱাৰে ১০৮ এম্বোলেন্স | কান্ধত কৰি পাৰ কৰিবৰ লাগে ৰোগীক | হয় এই দলং খনৰ ওপৰদিয়ে নিৰ্বাচনৰ সময়ত পাৰ হৈ ভোট বিচাৰি আহে জনপ্ৰতিনীধি সকলে | নিৰ্ব্বাচনৰ সময়ত গঞা ৰাইজৰ হাতত ধৰি খুপি খুপি পাৰ হৈছিল ৰহা সমষ্টি বিধায়ক ডীম্বেশ্বৰ দাস । ভোট বিচাৰি আহোতে মৰণফাণ্ড সদৃশ দলংৰ পৰা পৰি যোৱাৰ পৰা কথমপি ৰক্ষা পৰিছিল গঞাৰ হাতত ধৰি | দীৰ্ঘদিনৰ সমস্যা দাঙি ধৰিছিল গঞা ৰাইজে প্ৰতিশ্ৰুতিও দিছিল বিধায়ক হলে দলং খন নিৰ্মান কৰি দিব তেওঁ । পিছে বিধায়কো হল তেওঁ।এদিন দুদিন কৈ সময়বোৰ পাৰ হল ।সেইজন জনপ্ৰতিনিধিয়ে পাহৰি গল সকলো ।কাৰণ তেওঁৰ এতিয়া দ্বায়িত্ব বঢ়িল । সেয়ে তেওঁ ওচৰলৈ ৰাইজে দলং বিচাৰি যাওঁতে কলে পোন্ধৰে বছৰে কি কৰিছিলি ? বছৰ বছৰ ধৰি চৰকাৰৰ প্ৰতাৰণাৰ বলি হোৱা নগাওঁ জিলাৰ ৰহা সমষ্টিৰ কচুৱাৰ সাতলুঙা বাসীয়ে ক্ষোভত চৰকাৰলৈ বাদ নাচাই নিজৰ গাঠি ধন খৰচ কৰি নিৰ্মান কৰিছে এখন পকি দলং তথাপিও সম্পূৰ্ণ কৰিব নোৱাৰিলে | বাঁহৰ দলংখন জৰাজীৰ্ণ হৈ যোৱা বাবে গাৱৰ ৰাইজে পুনৰ নিৰ্মান কৰিছে এখন বাঁহৰ দলং | সেয়েহে এইবাৰ গাৱৰ ৰাইজে সিদ্ধান্ত ললে যিজন জনপ্ৰতিনীধিয়ে আধৰুৱা হৈ থকা দলংখন সম্পূৰ্ণ কৰিব তেঁওকহে ভোট দিয়া হব | আগত দলং পিছত ভোট ।
Byte = স্থানীয় লোক

## বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam ##Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.