ETV Bharat / state

শিলঘাটত ৰিভাৰ ডলফিন দিৱস পালন

author img

By

Published : Oct 5, 2021, 8:42 PM IST

৬৭ সংখ‍্যক বন্য প্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি শিলঘাটত ডলফিন দিৱস পালন কৰা হয় ৷ ব্ৰহ্মপুত্ৰ তথা অসমৰ আন নদীসমূহত থকা শিহু সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত আয়োজিত হয় সজাগতা সভা ৷

national-ganga-river-dolphin-day-celebration-in-silghat
শিলঘাটত ৰিভাৰ দলফিন দিৱস পালন

কলিয়াবৰ, 5 অক্টোবৰ : ৬৭ সংখ‍্যক বন্য প্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি শিলঘাটত মঙলবাৰে ৰাষ্ট্ৰীয় গংগা নদী ডলফিন দিৱস (National Ganga River Dolphin Day) পালন কৰা হয় ৷ এই উপলক্ষে শিহু সংৰক্ষণ(river dolphin conservation)ৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

শিলঘাটত ৰিভাৰ দলফিন দিৱস পালন

ৰিভাৰ ডলফিন( শিহু )ৰ সুৰক্ষাৰ বাবে প্ৰতি সজাগ আৰু সচেতনতাৰ বাবে প্ৰতি প্ৰতি বছৰে এই দিৱস পালন কৰা হয় ৷ বন্য প্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি শিলঘাটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত অঞ্চলৰ বুঢ়াপাহাৰ বনাঞ্চল কাৰ্য‍ালয়ে কন্যকা কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত ডলফিন দিৱস পালন কৰে ।

এই উদ্দেশ্যে অনুষ্ঠিত সজাগতা সভাত অংশগ্ৰহণ কৰে বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া প্ৰদীপ কুমাৰ গোস্বামী, শিক্ষক তথা প্ৰকৃতিপ্ৰেমী ভূপেন শৰ্মাৰ লগতে ভাৰতীয় বন্যপ্ৰাণী সংস্থাৰ প্ৰতিনিধিবৰ্গই ৷ এই সভা যোগে বক্তা সকলে ছাত্ৰ-ছাত্ৰীক ব্ৰহ্মপুত্ৰ তথা অসমৰ আন নদীসমূহত থকা শিহু সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে ।

লগতে পঢ়ক : ঘোষণা কৰা হ’ল পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.