ETV Bharat / state

নগাঁৱৰ নমাটিৰ পথ দুৰ্ঘটনাত শিক্ষকৰ মৃত্যু - nagaon road accident

সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলটোত নাই গতিৰোধকৰ ব্যৱস্থা ৷ গড়কাপ্তানি বিভাগৰ গাফিলতিত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷

etv bharat
author img

By

Published : Jun 28, 2019, 1:57 AM IST

নগাঁও, 28 জুন: নগাঁও-মৰিগাঁও সংযোগী মূল পথ নমাটিত বৃহস্পতিবাৰে সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত থিতাতে নিহত হয় অঞ্চলটোৰে এগৰাকী শিক্ষক । জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত নমাটি গাঁৱৰ নিৱাসী শিক্ষক জ্যোতিৰ্ময় বৰুৱাই মটৰ চাইকেলেৰে ৰাস্তা পাৰ হোৱাৰ সময়তে নগাঁৱৰ পৰা মৰিগাঁও অভিমুখী তীব্ৰবেগী AS21F7822 নম্বৰৰ এখন ৱেগনাৰ গাড়ীয়ে মহতিয়াই নিয়ে ।

ৱেগনাৰৰ খুন্দাত দূৰৈত চিটিকি পৰা জ্যোতিৰ্ময় বৰুৱাক সংকটজনক অৱস্থাত দুৰ্ঘটনা সংঘটিত কৰা বাহনখনেৰেই নগাঁৱৰ জিডি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও, চিকিৎসকে মৃত ঘোষণা কৰে লোকজনক । উল্লেখ্য যে, নৱনিৰ্মিত নগাঁও-মৰিগাঁও সংযোগী মূলপথৰ ব্যস্ততাপূৰ্ণ চাৰিআলি-তিনিআলিত এতিয়ালৈকে গড়কাপ্তানি বিভাগে গতিৰোধকৰ ব্যৱস্থা নকৰাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Intro:নগাঁৱৰ নমাটিত শোকাৱহ পথ দুৰ্ঘটনা । নিহত শিক্ষক ।Body:নগাঁও-মৰিগাঁও সংযোগী মূল পথৰ নমাটিত শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী শিক্ষক । নিহত হোৱা ঘটনাই সমগ্ৰ নমাটি গাঁৱতে শোকৰ ছাঁ পেলাইছে। জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত নমাটি গাঁও নিৱাসী শিক্ষক জ্যোতিময় বৰুৱাই তেওঁৰ মটৰ চাইকেলেৰে ৰাস্তা পাৰ হ'ব ধৰোতেই নগাঁৱৰ পৰা মৰিগাঁও অভিমুখে তীব্ৰবেগেৰে গৈ থকা এ এছ ২১ এফ ৭৮২২ নম্বৰৰ এখন ৱেগনাৰ গাড়ীয়ে মহতিয়াই নিয়ে।দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে বাইক আৰোহী জ্যোতিময় বৰুৱা দহ মিটাৰতকৈও অধিক দূৰৈত ছিটিকি পৰে। ইপিনে, দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত বৰুৱাক দুৰ্ঘটনা সংঘটিত কৰা বাহনখনেৰেই নগাঁৱৰ জি ডি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে বৰুৱাক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ সময়ত বৰুৱাই পত্নী,পুত্ৰ-কন্যাসহ অনেক ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।উল্লেখ্য যে, নৱনিৰ্মিত নগাঁও-মৰিগাঁও সংযোগী মূলপথৰ ব্যস্ততাপূৰ্ণ চাৰিআলি-তিনিআলিত এতিয়ালৈকে গড়কাপ্তানি বিভাগে গতিৰোধকৰ ব্যৱস্থা নকৰাৰ বাবে সঘনাই সংঘটিত হ'বলৈ ধৰিছে সৰু বৰ পথ দুৰ্ঘটনা।_____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.