ETV Bharat / state

Rhino poaching in Nagaon: বাগৰিত হত্যা হোৱা গঁড়ৰ খৰ্গ উদ্ধাৰ; আৰক্ষীৰ জিম্মাৰ পৰা নিৰুদ্দেশ গঁড় চিকাৰী - গঁড়ৰ খৰ্গ উদ্ধাৰ

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা (Rhino poaching in Nagaon)। নগাঁও আৰক্ষীৰ অভিযানত উদ্ধাৰ বাগৰিত হত্যা হোৱা গঁড়ৰ খৰ্গ । গ্ৰাহকৰ ৰূপত অভিযানত চলাই আৰক্ষীয়ে আটক কৰে গঁড় চিকাৰী ছাইদুলক । অৱশ্যে আৰক্ষীৰ জিম্মাৰ পৰা নদীয়েদি পলায়ন কৰে ধৃত গঁড় চিকাৰীটোৱে (Nagaon police raid against rhino poaching)৷ তথ্য অনুসৰি, 80 লাখ টকাত গঁড়ৰ খৰ্গটো বিক্ৰীৰ বাবে পৰিকল্পনা কৰিছিল গঁড় চিকাৰীটোৱে ।

Rhino poaching in Nagaon
নগাঁও আৰক্ষীৰ বৃহৎ সফলতা
author img

By

Published : Apr 15, 2023, 7:35 PM IST

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা

নগাঁও, 15 এপ্ৰিল : গঁড় চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই নগাঁও আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা (Rhino poaching in Nagaon)। বিগত 26 মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলাৰ বাগৰিত সংঘটিত হৈছিল গঁড় হত্যাৰ ঘটনা । চোৰাং চিকাৰীয়ে এটা গঁড় হত্যা কৰি কাটি নিছিল খৰ্গ । পিচৰ পৰাই বাগৰিৰ গঁড় চিকাৰৰ ঘটনাৰ অভিযান আৰম্ভ কৰিছিল নগাঁও আৰক্ষীৰ লগতে কাজিৰঙাৰ এছ টি এফৰ দলে ।

ইতিমধ্যেই বিশ্বনাথৰ পৰাও নগাঁও আৰক্ষীয়ে কেইবাজনো লোকক আটক কৰি অভিযান অব্যাহত ৰাখিছিল । ইয়াৰ মাজতে শুকুৰবাৰে নগাঁও আৰক্ষীয়ে এটা গঁড়ৰ খৰ্গ বিক্ৰীৰ এক খবৰ লাভ কৰিছিল ৷ উক্ত গোপন খবৰৰ ভিত্তিতেই নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গ্ৰাহকৰ ৰূপত অভিযান চলাই বটদ্ৰৱাৰ শান্তিজান বজাৰৰ পৰা ছাইদুল ইছলাম নামৰ এজন লোকৰ পৰা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Nagaon police raid against rhino poaching) ।

লগতে ম’বাইল ফোন, বাইক জব্দ কৰাৰ লগতে ছাইদুল ইছলামকো কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো । পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে ছাইদুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত গঁড় হত্যাত জড়িত হাতেম আলী নামৰ আন এজন লোকৰ ঘৰতো নিশা অভিযান চলাই নগদ 50 হাজাৰ টকা জব্দ কৰাৰ লগতে জব্দ কৰে বহু অপত্তিজনক সামগ্ৰী ।

নিশা আৰক্ষীৰ জেৰাত গঁড় হত্যাৰ বহু স্বীকাৰোক্তিও ছাইদুল ইছলামে প্ৰদান কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে, নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলেই । শুকুৰবাৰে নিশা পুনৰ ছাইদুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলোৱাৰ সময়তে ছাইফুল চৰৰ সমীপৰ নদীত জঁপিয়াই পলায়ন কৰে ধৃত ছাইদুল ইছলামে ।

নিশাৰ পৰা এই বাতৰি লিখা পৰ্যন্ত ছাইদুল ইছলামৰ কোনো সন্ধান পোৱা নাই যদিও এন ডি আৰ এফৰ সহযোগত ছাইদুলৰ সন্ধানত নদীত অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । লগতে বাগৰিৰ গঁড় হত্যাত জড়িত আন গঁড় চিকাৰীৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে, নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰা গঁড়ৰ খৰ্গ এক ডেৰ মাহ পূৰ্বেই কাটি উলিওৱা খৰ্গ বুলি প্ৰাথমিক পৰ্যায়ত নিশ্চিত হোৱা বুলিও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে আৰক্ষী অধীক্ষক লীনা দলে ।

লগতে পঢ়ক : India Covid Cases : 6 মাহত সৰ্বাধিক, এদিনত ক’ভিডত মৃত্যু ২০ জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.