ETV Bharat / state

Success of Nagaon Police: একেদিনাই পৃথক পৃথক অভিযানত অপৰাধীৰ বিৰুদ্ধে বৃহৎ সফলতা নগাঁও আৰক্ষীৰ

author img

By

Published : Feb 22, 2022, 2:08 PM IST

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ আন এক বৃহৎ সফলতা (Success of Nagaon Police)। একেদিনাই নগাঁও আৰক্ষীৰ জালত ৯ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী । জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ । আটক কুখ্যাত ডকাইত, উদ্ধাৰ চোৰাংভাৱে সৰবৰাহ কৰা গৰু ।

একেদিনাই পৃথক পৃথক অভিযানত অপৰাধীৰ বিৰুদ্ধে বৃহৎ সফলতা নগাঁও আৰক্ষীৰ

নগাঁও, 22 ফেব্ৰুৱাৰী: ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীয়ে সোমবাৰে লাভ কৰিলে আন এক বৃহৎ সফলতা (Success of Nagaon Police) । সোমবাৰে সন্ধিয়া পৰ্য্যন্ত পৃথকে পৃথকে চলোৱা অভিযানত ৯ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই নেতৃত্ব দিয়া নগাঁও আৰক্ষীয়ে বিগত কেইদিনত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান (Nagaon Police operation against drugs)।

এই অভিযানৰ অংশ হিচাপে সোমবাৰেও নগাঁৱৰ বিভিন্ন প্ৰান্তত চলিল নগাঁও আৰক্ষীৰ অভিযান । প্ৰথমেই নগাৱঁৰ চামগুৰি আৰক্ষীয়ে অভিযান চলাই এক বাকচ হেৰ'ইনসহ বাজিয়াগাঁৱৰ কামাল উদ্দিন নামৰ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ইপিনে জুৰীয়া আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে চোৰাংকৈ সৰবৰাহ কৰা বহুকেইটা পশুধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Smuggled livestock recovered) । প্ৰথমে জুৰীয়াৰ দলনিজুৰীয়াত অভিযান চলাই হেৰ'ইনসহ নাচিৰউদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয় । জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদিথ বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই জুৰীয়াৰ কালিয়ডিঙা অঞ্চলৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা ২৬ টাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে ৬জনকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

ইপিনে ৰূপহীহাটৰ গড়াজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বি কে দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা পৃথক অভিযানত লাভ কৰে বৃহৎ সফলতা । গড়াজান আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় এটা দুধর্ষ ডকাইত । ৰূপহীহাটৰ এটা বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত ডকাইতিত জড়িত আতাউৰ ৰহমানক আটক কৰে গড়াজান আৰক্ষীয়ে । সোমবাৰে সন্ধিয়া গড়াজান আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি এখন বাহনো জব্দ কৰিবলৈ সক্ষম হয় ।

একেদিনাই নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ প্ৰথমে মিন্টু মল্লিক আৰু ৰিয়াজুল মল্লিক নামৰ দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । দুই সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত পৰৱৰ্তী সময়ত ড্ৰাগছ, নগদ ধনসহ আবুল হুছেইন, ফকৰুল ইছলাম আৰু জমিৰ উদ্দিন নামৰ তিনি ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে ।

একে সময়তে নগাঁও আৰক্ষীৰ মহিলা শাখাৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা আৰু নগৰ শাখাৰ উপ-পৰিদৰ্শক ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই গাঞ্জাসহ ছিদ্দিক আলী নামৰ এটা গাঞ্জা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ।

এনেদৰেই এতিয়া দিনে নিশাই অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.